পলসুৱা বুকুখনত
বহু অপতৃণ গজিল ।
আকাশীলতাই চানি ধৰিলে
মগজুৰ প্ৰতিটো কোষ ।
কাইলৈ সাঁচি ৰখা
ভোকৰ এসাঁজ
নুনিয়াৰ আয়ত্ত্বত থাকিল ।
জোনৰ পোহৰত
আইতাৰ সাধু
বুটি বাঢ়নিৰে আকাশ কোবালে
মৃগপহু তুলসীৰ তলত
লাজ পাই জোনবাই
ভটিয়াই গ'লগৈ
আকাশৰ দূৰত্ব বাঢ়িল ।
সকলো সেউজীয়া খবৰ লৈ
ডাকোৱালজন আহিব বুলি
পলসুৱা বুকুখন
আজিও ৰৈ থাকিল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ