তুমি অনন্যা !
তুমি সৃষ্টিকৰ্তা !
তুমি বসুন্ধৰা !
তোমাৰ মন পৰশত
প্ৰাণৱন্ত মানৱৰ অস্তিত্ব ,
মাতৃত্বৰ মমতাৰে তুমি অপৰূপা
ভিন্ন ৰূপত প্ৰস্ফুটিত নাৰী
তুমি হোৱা মমতাময়ী মাতৃ ,
তুমি জীৱনসংগী ।
সুকোমল অনুভূতিৰে
তুমি হৃদয়ৰ বৰপেৰাত
চিৰদিন সাঁচি ৰাখিছা
জীৱনৰ উচ্চাভিলাষ ।
সেউজীয়া ভৱিষ্যতৰ সন্ধানত
সুখৰ সংজ্ঞা বিচাৰি গৈ
যেতিয়া পদে পদে লাঞ্ছিত, নিৰ্যাতিত
আৰু সতীত্ব হানি হয় ,
তেতিয়া হৃদয় ভাঙে
সদায় উচুপি উঠে
বেদনাসিক্ত নাৰীৰ অন্তৰ ।
কেতিয়াবা অস্তিত্বহীন হৈ পৰে মন
বাৰে বাৰে দুৰ্বল কৰে
সমঅধিকাৰৰ কথা মনত পৰি
কপি উঠে নাৰীৰ অন্তৰাত্মা ।
জীৱনৰ সংগ্ৰামত
সংগ্ৰামী সত্তা হৈ
শতৰুক দমন কৰি
তুমি ৰক্ষা কৰি যোৱা
দেৱীতুল্য নাৰীৰ অস্তিত্ব ।।
✍️বিশ্বজিৎ সূত
বালিজান, চতিয়া, বিশ্বনাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ