নাৰী তুমি অনন্যা | সীতা দেৱী

Rinku Rajowar
0
নাৰী তুমি অনন্যা,
সৃষ্টিৰ ৰচয়িতা।
তুমি মমতাময়ী,
বিশাল বসুন্ধৰা।
বংশ পৰম্পৰাৰ সাক্ষী,
সৌন্দৰ্যৰ প্ৰতীক।
ধৈৰ্য আৰু সহ্যৰ বিশাল ধৰা,
বিশ্ব সংসাৰৰ এনাজৰী।
তোমাৰ মহিমা অপাৰ,
তুমি শক্তিদায়িনী, মুক্তি প্ৰয়াসী।
নহয় তুমি দুৰ্বল অবলা,
তুমি গভীৰতাৰ পৰিধি।
সহমৰ্মিতা আৰু পবিত্ৰতা,
আত্মবলিদানৰ অদম্য নিদৰ্শন।
সাধনাৰ উজ্জ্বল জ্যোতিষ্ক,
শ্ৰেষ্ঠতম প্ৰকৃতি জন্মদাত্ৰী।
আচ্ছাদিত স্নেহসিক্ত সঁহাৰি তোমাৰ,
বিনন্দীয়া এবুকু সঁচা ভালপোৱাৰ
স্বকীয় সত্তা তুমি।
ত্যাগৰ সহস্ৰ ৰূপ তোমাৰ,
নাৰী, তুমি স্নিগ্ধতাৰ সুবাস।
তুমি জাগ্ৰত প্ৰতিচ্ছবি,
তোমাৰ সুকোমল মহিমা,
শান্তিৰ অমিয়া।
আনন্দৰ জোনাক,
মমতাৰ মুকুতা মণি তুমি।
কৰুণাময়ী, হিৰন্ময়ী সঞ্জীৱনী সুধা,
এগজ জলন্ত শিখা,
গৰ্বিত নাৰী তুমি।
নিৰৱধি,উপমাবিহীন সাহস,
প্ৰেৰণাৰ উৎস, অফুৰন্ত শক্তিৰ,
ভবিষ্যত প্ৰজন্মৰ বীজৰ ভঁৰাল তুমি।
প্ৰাপ্তিৰ আনন্দ, আত্মবিশ্বাসৰ খনি ,
তুমি মাতৃ, জগত জননী  বিশ্ববিজয়ী,
সৰ্বদা কল্যাণী অনুপমা তুমি।
সম্পূৰ্ণতাৰ নিকা দস্তাবেজৰ চানেকি,
তুমি সঁচাকৈয়ে অনন্যা,
প্ৰণামো তোমাক, হে নাৰী প্ৰণামো তোমাক।।
                    
✍️সীতা দেৱী, বিহপুৰীয়া, লখিমপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)