নাৰী | কংকনা দাস

Rinku Rajowar
0
"নাৰী" তুমি শক্তি,
তোমাক কৰোঁ আমি ভক্তি ।
এগৰাকী নাৰীয়ে
কাৰোবাৰ পত্নী,
কাৰোবাৰ ভগ্নী,
কাৰোবাৰ আকৌ জীৱন সংগিনী ।
"নাৰী" তোমাক নমস্কাৰ,
নকৰোঁ মই তিৰস্কাৰ ।
"নাৰী" তুমি মহান,
নাই তোমাৰ অৱসান ।
লাঞ্ছিত কৰিবৰ বাবে
খুলি দিয়ে তোমাৰ বস্ত্ৰ,
তথাপিও তুমিয়েই আমাৰ
আজিও সেই যুদ্ধৰ ' অস্ত্ৰ ' ।
"নাৰী" সকলো শক্তিৰ তুমিয়েই ৰজা,
সেইবাবে তোমাক কৰোঁ আমি পূজা ।

"নাৰী"....
তুমি শক্তিৱান,
 তুমি ভক্তিৱান,
তুমিয়েই বুদ্ধিমান,
এই জগতত তুমিয়েই আমাৰ
ৰাখিলা মান ।
তোমাৰ বাবে আমি
কৰিছোঁনো কি দান !
ওলোটাই তুমিয়াই পোৱা
বহু অপমান ।

✍️ কংকনা দাস
স্থান: হাউলী, বৰপেটা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)