হে নাৰী-মধুকৃষ্ণা দেউৰী শিলপনীয়া

©Admin
0
কি দৰে কৰোঁ আজি তোমাক সন্মান ?
আজি আঠ মাৰ্চ এই দিনটো
'আন্তৰ্জাতিক নাৰী দিৱস' হিচাবে
তোমাক ওলগ জনাই--

কিন্তু কি দৰে ?
তুমিয়েই মাতৃ , ভগ্নী , স্ত্ৰী ও তুমিয়েই
সতী জয়মতী পতিব্ৰতা নাৰী তুমিয়েই ।
কনকলতা তুমিয়েই দেশৰ হকে প্ৰাণবিসৰ্জনী ।
ৰাখিছেনে আজিৰ মানৱতাই
সন্মানৰ মালা পিন্ধাই উচ্চ শিৰত ।

কি দৰে কম আজি নাৰী সুৰক্ষিত ?
কিদৰে কৰোঁ সন্মান ?

আজি যৌতুকৰ বলিৰে ,
নে ৰাস্তাই ঘাটে তেজ মঙহ
শুহি শুহি খোৱা এজাক যৌন লালসাত মাতাল মানৱৰ হৃদয়হীনতাৰে ।

দহ মাহ দহ দিন গৰ্ভত লৈ জন্মদাত্ৰী মাতৃৰ "মা" শব্দৰ অৰ্থ নুবুজা পথভ্ৰষ্ট পুত্ৰক ।

হে নাৰী তুমিয়েই সৃষ্টি ৰূপিনী ।
পূজিবনে তোমাক আজি মানৱীয়তাৰে
আজি এই দিনটোৰ অৰ্থ বুজি চিৰদিন
আগশাৰীত থৈ গৌৰৱৰ মালা পিন্ধায় ।

প্ৰশ্ন হয় আজি - 
"আন্তৰ্জাতিক নাৰী দিৱস" হিচাবে ৰাখিলে সুৰক্ষিত হ'বনে ?
থাকিব নে বাৰু নাৰীৰ প্ৰতি
মাতৃ , স্ত্ৰী , ভগ্নীৰ 
সন্মান , শ্ৰদ্ধা , ভক্তি ?
             
 ✍️মধুকৃষ্ণা দেউৰী শিলপনীয়া
 ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)