লাউ পুৰাণ

Rinku Rajowar
0
“ডাঙৰ মাছৰ মূৰা এটা  আৰু তাৰ লগত খাৰ খাবলৈ জাতিলাউ এটাও আনিব।” বজাৰলৈ যাবলৈ ওলাই ‘কি কি আনিব লাগিব’ বুলি সোধাত, যতিন কোঁছক তেওঁৰ পৰিবাৰে আন বস্তুৰ উপৰিও এই দুবিধ নতুন বস্তু আনিবলৈ এক প্ৰকাৰৰ অৰ্ডাৰেই দিলে। কেইদিনমান আগতে মানুহ এঘৰৰ শ্ৰাদ্ধ এটাত খাইছিল। জিভাত লাগি থকা  সোৱাদটো তেতিয়ালৈকে যোৱাই নাছিল। সেয়ে ঘৰতে ৰান্ধি হেঁপাহ পলোৱাই খোৱাৰ মন। পিছদিনা পানীলাউ লগুৱা কিবা পূজা থকাৰ বাবে বজাৰত আনদিনাতকৈ আবতৰীয়া লাউ বেছিকৈয়েই ওলাইছিল  কিন্তু  সেইদিনাৰ নিচিনা জুই-ছাই দাম আগেয়ে শুনা নাছিল। কেইবাটাও বেপাৰীক দৰ-দাম কৰি কৰি শেষত নগদ এশ টকাত  এটা কিনিলে কিন্তু গা বেজ-বেজাই গৈছিল।
** *** *** *** **
      পঞ্চম শ্ৰেণীত পঢ়ি থকা অৰ্থাৎ ষাঠি বছৰৰ আগৰ কথা। শাক-পাচলিৰ পৰা মাছ-মাংস,মাহ হালধিৰ পৰা তেল- মছলা প্ৰায় সকলো বস্তু ঘৰতেই  হৈছিল।অভাৱ আছিল মাথোঁ নগদ ধনৰ । নিমখ, কেৰাছিন তেল , কাপোৰ-কানি , কিতাপ-কাগজ,কলম-পেঞ্চিল, স্কুলৰ ফিজ আৰু মাটিৰ খাজনা আদিৰ বাবে দেওবৰীয়া আৰু বৃহস্পতিবৰীয়া হাটত ঘৰৰ ধান, মাহ, সৰিয়হ, কল, হাঁহ -ছাগলী, শাক-পাচলি আদি বিক্ৰী কৰিছিল। গাখীৰ আৰু মাছ বেছা লাজৰ কথা আছিল।
    খাবলৈ বেয়া পাইছিল যদিও ঘৰৰ চালত উঠি পাতৰ তলে-তলে লুকাই থকা  চালভৰি থকা জাতিলাউ চিঙি নমাই দি আনন্দ পাইছিল। এদিন মৰকীয়া হালোৱা মনেশ্বৰৰ লগত দেওবৰীয়া হাটৰ পৰা ভূগোলৰ বহী কিনাৰ লগতে ফুলৰি আৰু জেলেপি খোৱাৰ লোভত  লাউ বেচিবলৈ গৈছিল। বিছটা লাউ দুটা পাছিত ভৰাই  মনেশ্বৰে ভাৰ কৰি নিছিল। আবেলি পৰলৈকে মাত্ৰ  চাৰি অনাত দুটা লাউহে বেচা গ'ল। কিনাটো দুৰৈৰ কথা দাম সোঁধোতাও নাছিল। ইফালে ৰ'দ আৰু ভোকত কলমলনি লাগিছিল। ওচৰতে কল আৰু পাণ বেচি থকা মানুহ এটাক  ‘অলপ চাবচোন, ইয়াক কিবা এটা খোৱাই আনো ’ বুলি ফুলৰি আৰু ভজা বুট খাই দুয়ো মনে মনে পলাই আহি ঘৰ পাই লাউ গছ ডাল গুৰিতে কাটি চালৰ পৰা নমাই পথাৰত পেলাই থৈ আহিছিল।   
************
       কৰ্মসূত্ৰে গাঁৱৰ পৰা আহি চহৰত ভেটি-মাটি অকণ লৈ  টিনৰ চালিৰ ঘৰ এটা সাজি থাকিবলৈ লোৱাৰ প্ৰথম বছৰ। কাষৰ ঘৰখনত বহুতো পানীলাউ পুলি গজিছিল। তাৰে এটা আনি বেৰৰ কাণতে ৰুই দিছিল।  চালিতে বগাবলৈ দিলে। গুৰিত পথাৰৰ গোৱৰ দিলে।  কম দিনৰ ভিতৰতে পাতে ফুলে জপজপীয়া হৈ পৰিল। প্ৰথমতে তিনিটা লাগিল। চিটা চিটাকৈ কাটি চুবুৰীয়াৰ সৈতে বিতাই খালে। পিছত ইমানকৈ লাগিবলৈ ললে যেন টিনৰ চালি ভাঙিহে পেলাব। তিনিটা মানুহে কিমাননো খাব, কাকনো বাৰে বাৰে দি থাকিব! কোনোবাই আকৌ 'আমাৰ ইহঁতে বেয়াই পায় ’বুলি নাক কোঁচাই দেখুৱায়। ল'ৰাক স্কুলত থৈ কোঁছ অফিচলৈ যোৱাৰ পিছত কোঁছনীয়ে প্ৰতিদিনে স্কুল ছুটী হোৱাৰ আগে আগে চহৰৰ অত-তত থকা মিতিৰ- কুটুম, চিনাকি আদি মানুহৰ ঘৰে ঘৰে ৰিক্সা ভাড়া দি লাউ বিলাই আহিছিলগৈ। গম পাই এদিন কোঁছে খঙতে অফিচৰ পৰা আহি বাহিৰে বাহিৰে লাউডাল কাটি পুখুৰীত পেলাই দি হে ঘৰ সোমাইছিল।
*********
“পানীলাউৰ খাৰখন কেনে হৈছে, সিদিনাৰ  নিচিনাকৈ ৰান্ধিব পাৰিছোঁ নে?” ভাতখাই থকা কোঁছক পৰিবাৰে স-গৰ্বে সুধিলে। “ভালেই হৈছে,জলা আৰু নিমখটো অলপ উঠিছে ” সেমেনা সেমেনিকৈ তল মূৰ কৰি কোঁছে উত্তৰ দিলে।
     “ কি?? ”  কোঁছনীয়ে  অকণমান তৰকাৰী হাতত লৈ সুদা   মুখত লৈয়েই মুখ বিকটাই আঁতৰি গ'ল।
*****     ****
  সোৱাদ হওক বুলি  জলা- মছলা সৰহকৈ দি ৰন্ধা খাৰৰ তৰকাৰীত, শ্ৰীমতী কোঁছে ভনীয়েকক মোবাইল ফোনত এশ টকীয়া লাউ ,ডাঙৰ ৰৌ মাছৰ মূৰাৰ লগত কেনেকৈ কি দি বনাইছে(?),কি সুন্দৰ ফুৰফুৰীয়া গোন্ধ ওলাইছে  আদি বৰ্ণনা দি থাকোঁতে কেতিয়া কেনেকৈ নিমখ দুবাৰ নে তিনিবাৰ দিলে পাহৰি গৈছিল।পাকঘৰলৈ গৈ  তৰকাৰী খিনিত একেৰাহীকৈ পানী ঢালি চুপে চাপে উতলাবলৈ ধৰিলে।

**********
☑️দেৱ দাস।
তেজপুৰ।
দূৰভাষ নং ৯৪৩৫৩৮০৯২৬


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)