যক্ষ্মা মুক্ত ভাৰত গঢ়াত জনতাৰ দায়িত্ব আৰু যক্ষ্মা নিয়ন্ত্ৰণত চৰকাৰী আঁচনি (দ্বিতীয় খণ্ড)

Rinku Rajowar
0
যক্ষ্মা মুক্ত ভাৰত গঢ়াত জনতাৰ দায়িত্ব আৰু যক্ষ্মা নিয়ন্ত্ৰণত চৰকাৰী আঁচনী*
এতিয়া ৰোগীয়ে কি কৰিব --দুই সপ্তাহ বা তাতোকৈ বেছি দিন কাঁহ হৈ থাকিলে চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ খেকাৰ পৰীক্ষা কৰাওক  । উচিত মাত্ৰাত বিৰতি নোহোৱাকৈ ঔষধ সেৱন কৰক । ষ্পুটাম পজিটিভ ৰোগীৰ আৰু  ( MDRTB )  ৰোগীৰ ঘনিষ্ঠ সম্পৰ্কত থকা সকলো মানুহে নিজৰ খেকাৰ পৰীক্ষা বিনামূলীয়াকৈ  D M C  থকা চিকিৎসালয়ত কৰাব । ওছৰ চুবুৰীয়া তথা পৰিয়ালৰ লোকে  টি, বি ৰোগীজনক সকলো  সময়তে সহায় - সহযোগ আগবঢ়াব লাগে  , যাতে ৰোগীজন সোনকালে আৰোগ্য হয় । যক্ষ্মা ৰোগৰ বীজাণু বতাহৰ দ্বাৰা বিয়পে , যদিও ৰোগ প্ৰতিৰোধ ক্ষমতা যদি মানুহজনৰ গাত ভালদৰে থাকে সেই মানুহজনৰ যক্ষ্মা ৰোগ নহয় ।সেইবাবে আহাৰ , শাৰীৰিক ব্যায়াম , বিশ্ৰাম , মানুহৰ প্ৰয়োজন ।  
ৰোগীজনে ঔষধ খাওঁতে কিবা অসুবিধা পালে স্বাস্থ্য কৰ্মী তথা চিকিৎসকৰ পৰামৰ্শ লগে লগে ল'ব লাগে ।
ৰোগী সকলে চিকিৎসকৰ বিনা অনুমতিত ঔষধ খোৱা কেতিয়াও বন্ধ কৰিব নালাগে । নহ'লে এই ৰোগ অতি ভয়ংকৰ ৰূপে শৰীৰত  দেখা দিব পাৰে ।
কি কৰিব নালাগে --যক্ষ্মা ৰোগীক কেতিয়াও বন্ধ কোঠালিত ৰাখিব নালাগে ।কু- সংস্কাৰৰ বশৱৰ্তী হৈ ৰোগীক চিকিৎসকৰ দ্বাৰা চিকিৎসা নকৰালৈকে যক্ষ্মা ৰোগীক পৰিয়ালৰ পৰা আতৰাই ৰাখিব নালাগে । জৰা ফুকা , বেজালী , বন দৰৱ আদিৰ দ্বাৰা ৰোগীৰ চিকিৎসা কেতিয়াও নকৰা ভাল । যক্ষ্মা ৰোগীক কেতিয়াও অৱহেলা কৰিব নালাগে পাৰিলে সহায় কৰিব ।
বৰ্তমান ৰাষ্ট্ৰীয় যক্ষ্মা দুৰ কৰণ আঁচনিৰ দ্বাৰা চৰকাৰে যক্ষ্মা ৰোগৰ বিনামূলীয়া চিকিৎসাৰ উপৰিও প্ৰত্যেকজন যক্ষ্মা ৰোগীক , প্ৰ'টিনযুক্ত আহাৰ , যেনে মাছ , মাংস , কণী আৰু গাখীৰ খাবৰ কাৰণে মাহিলী ৫০০ টকাকৈ  (  পাঁচশ টকা ) আৰ্থিক সাহায্য প্ৰত্যক্ষ ভাৱে ৰোগীৰ বেংক একাউণ্টত দিয়াৰ ব্যৱস্থা আছে । এই সুবিধা চৰকাৰী ভাৱে  চিকিৎসা কৰিব বিচৰা বা চিকিৎসাধীন হৈ থকা সকলৰ উপৰিও  ব্যক্তিগত চিকিৎসকৰ দ্বাৰা চিকিৎসা লৈ থকা ৰোগী সকলোকো দিয়া হয় ।ব্যক্তিগত চিকিৎসক আৰু ব্যক্তিগত ফাৰ্মাচীত যক্ষ্মা ৰোগৰ চিকিৎসা লৈ ৰোগীৰ বিষয়ে জিলা যক্ষ্মা কেন্দ্ৰক অৱগত কৰাটো বাধ্যতামূলক আৰু অৱগত কৰিলে প্ৰতি জন ৰোগীৰ বাবদ অৱগত কৰোতাজনক ৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে । ৰোগীয়ে সম্পূৰ্ণ ঔষধ সেৱন  কৰা তদাৰকৰ দায়িত্ব সম্পূৰ্ণ কৰাৰ বাবদ , অতিৰিক্ত ৫০০ টকা দিয়াৰো  ব্যৱস্থা আছে । এই সকলো সুবিধা গ্ৰহণ কৰিবৰ বাবে প্ৰতি জিলাত থকা জিলা যক্ষ্মা কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী সকলৰ লগত যোগাযোগ কৰিলে সকলো  সমস্যা সহজে দুৰ কৰিব পৰা যাব । বৰ্তমানে যোৰহাট জিলা বাসীৰ বাবে যোৰহাট মেডিকেল কলেজৰ যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ বিষয় ববীয়া সকলে বিভিন্ন স্থানৰ লগতে চাহ বাগান অঞ্চলতো ঘৰে ঘৰে সজাগতামুলক কায্যসুচী গ্ৰহণ কৰা দেখা গৈছে । সেইয়েহে আহকছোন আমি  ২০২৫ চনৰ ভিতৰত যক্ষ্মা মুক্ত  ভাৰত গঢ়াত চৰকাৰক হাতে হাত ধৰি সহায় কৰো - দেশ জিকক , যক্ষ্মা হাৰক । জানিব পৰা মতে  বৰ্তমান যোৰহাট জিলাত  ৫৮৪ গৰাকী লোক যক্ষ্মাত আক্রান্ত,হোৱাৰ প্ৰতি লক্ষ ৰাখি যক্ষ্মা  নিৰ্মূলৰ বাবে জিলা কোষে কেইবাজনো  কৰ্মীক  প্ৰশিক্ষণৰ যোগেদি প্ৰস্তুত কৰি তুলিছে ।
ৰবাৰ্ট ক'চে ১৮৮২ চনত টিবি ৰোগ প্ৰথম চিনাক্তকৰণ কৰিছিল আৰু এই ৰোগৰ পৰা  ভাৰতবৰ্ষখন ২০২৫ বৰ্ষৰ ভিতৰত টিবি ৰোগ মুক্ত কৰাৰ পৰিকল্পনা বৰ্তমান চৰকাৰে কৰিছে ।যক্ষ্মা ( টিবি ) ৰোগত আক্রান্ত এজন ৰোগীয়ে  এটা বছৰত নূন্যতম ১০ গৰাকীলৈকে ব্যক্তিক যক্ষ্মা ৰোগ ( টিবি) বিয়পাব পাৰে ।  আক্রান্ত টিবি ৰোগীয়ে কাহ , হাঁচি মাৰিলে ইয়াৰ বীজাণু ৫-১১৬ ফুটলৈকে বীজানু বতাহৰ লগত বিয়পি যাব পাৰে । যক্ষ্মা ৰোগ ( টিবি ৰোগ ) নিৰাময়ৰ বাবে  বৰ্তমান চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । স্বাস্থ্য বিভাগৰ সমিক্ষা  মতে ভাৰতবৰ্ষৰ ৪০-৫০ শতাংশ লোকেই টিবি ৰোগত আক্রান্ত । এইডছ, ডায়েবেটিচ থকা লোকক টিবিয়ে সহজে আক্ৰমণ কৰে। ৰাগীয়াল দ্ৰৱ্য আৰু ধঁপাত জাতীয় সামগ্ৰী  সেৱনকাৰী লোকৰ টিবি হ'লে ঔষধে কাম নিদিয়ে। চুলি আৰু নখৰ বাহিৰে মানৱ দেহৰ সকলো অংগতে  যক্ষ্মা ( টিবি )ৰোগ হ'ব পাৰে । সেয়েহে সজাগ আৰু সচেতন হৈ নিয়মীয়াকৈ ঔষধ খালে যক্ষ্মা ( টিবি ) ৰোগৰ পৰা মুক্ত হ'ব পাৰি। 
 অন্যহাতে  ঔষধ সেৱন কৰি থকা অৱস্থাত ৰোগীয়ে ধঁপাত জাতীয় সামগ্ৰী সেৱন বা ভক্ষণ কৰি থাকে তেতিয়া ৰোগী  সহজে ভাল নহয় । এই  ক্ষেত্ৰত  প্ৰতিৱেশী বা আত্মীয় সকলে ৰোগীক সজাগ কৰাৰ লগতে  সহায় আৰু উৎসাহ যোগাব লাগে ।  তথ্য মতে যোৰহাট জিলাতে ৫৮৪ গৰাকী লোক যক্ষ্মা ৰোগত ( টিবি ) আক্রান্ত হৈ আছে। এই সকল লোকে যদিহে জিলা যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ পৰামৰ্শ অনুযায়ী  নিয়মীয়াকৈ ঔষধ সেৱন কৰি আছে তেতিয়া আমি আশা কৰিব পাৰো যোৰহাট জিলাও যক্ষ্মা মুক্ত ভাৰত গঢ়াত বাটকটীয়া হ'ব পাৰিব ।

▪️জগন্নাথ অগ্নি বৰা ( যোৰহাট )
এজন সমাজকৰ্মী , 
প্ৰকাশিত পুস্তিকাৰ পৰা সহায় লোৱা হৈছে 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)