চকু মেলি চোৱা জয়মতী
দিনবোৰ ক্ষীপ্ৰ গতিত সলনি হ'ল,
মূৰ তুলি চোৱা জয়মতী
শতৰুক চিনাৰ সময় হ'ল,
শক্তি গোটোৱা জয়মতী
বান্ধোন চিঙি মুক্ত হ'বৰ হ'ল,
মুখ খুলিবৰ হ'ল
অত্যাচাৰৰ প্ৰতিবাদ কৰাৰ সময় হ'ল,
ৰজাৰ দিন উকলি গ'ল
দেশৰ ৰাইজেই ৰজা হ'ল,
ষড়যন্ত্ৰকাৰীক ৰুধিবৰ হ'ল
মুখবোৰ উদঙাই দিবৰ হ'ল,
স্বাভিমানৰ যুঁজ যুঁজিবৰ হ'ল জয়মতী
সাহসী বীৰংগনাৰ পৰিচয় আকৌ দিবৰ হ'ল!
জাগা জয়মতী, একগোট হ'বৰ হ'ল,
অপহৃত অৰ্দ্ধ আকাশ
পুনৰুদ্ধাৰ কৰিবৰ সময় হ'ল!
✍️গৌতম মালাকাৰ
কৰিমগঞ্জ