আজি বহুতদিনৰ মূৰত
পুৰণি এলবামবোৰ থানথিত লগালোঁ।
চুলিখিনি দীঘল কৰাৰ তীব্ৰ হাবিয়াসত
মূৰত বগা টাৱেল নতুবা সেউজীয়া দোপাত্তা
ক্লিপেৰে মেৰিয়াই যেন সেইকোছা নিজৰ চুলি মোৰ।
সকলোৰে কোচত উঠি জীৱনৰ প্ৰথমসাজ ভাত
মুখত দিয়াৰ আনন্দত আত্মহাৰা সেইয়া মই।
প্ৰথমবাৰ স্কুললৈ যোৱাৰ তীব্ৰ আকাংক্ষা
লগতে দুখো মিহলি হৈ কান্দো- নাকান্দোকৈ মই।
পুতলাৰ সাম্ৰাজ্যত অনুভূতিক প্ৰশ্ৰয় দিব নজনা
ভাৱবিহীন সদ্য প্ৰফুল্লিত সেয়া মোৰ শৈশৱ।
নিভাঁজ মৰমৰ সম্বন্ধৰ এনাজৰীডালৰ
একোটা মুকুতা হোৱাৰ প্ৰাণে মনে কামনাৰে সেয়া মই।
থাকক আৰু বিশেষ গভীৰতালৈ নাযাওঁ !
বহু আছে স্মৃতিৰ কাকলিত কুহুৰিত হৈ
প্ৰকাশ নকৰোঁ আৰু !
হাজাৰ 'ৰি - ক্ৰীয়েট মেমৰী'য়ে
ঘূৰাই আনিব নোৱাৰে
এলবামৰ পৃষ্ঠাত পোৱা সেই ৰৌদ্ৰোজ্বল মুহূৰ্তবোৰ।
✍️শতাব্দী শৰ্মা
নগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ