আঘোণৰ পথাৰত ধান দাই থকা সোণপাহিয়ে
ৰবাব টেঙাৰ গোন্ধত দৌৰি আহি ৰজতৰ কাষ পালেহি ৷ তলমূৰকৈ টেঙা কাটি থকা ৰজতক তাই
জলকীয়া কেইটামান বেছিকৈ দে বুলি কৈ হাতেৰে কেইবাটাও জলকীয়া ভাঙি টেঙাখিনিত সানি দিলে ৷ৰজতে ৰ’ লাগি চাই থাকিল তাইৰ মুখলৈ ৷এই ছোৱালীবোৰক টেঙা খাবলৈ পালে একো নালাগে আৰু কথাষাৰ মুখৰ ভিতৰতে ৰজতে ভোৰভোৰালে ৷ ৰজতে কাটি থোৱা কলপাতত সৰহকৈ টেঙা লৈ তাই খাই শেষ কৰিলে ৷
ৰজত আৰু সোণপাহি একেখন গাঁৱৰে ৷ সিহঁত দুটাৰ মাজত কথা কম আৰু তৰ্ক বেছি হয় সদায় ৷
দুগ্ধজোনাক গধূলিত ৰজতহতঁৰ চোতালত কাঠৰ পীৰাত বহি সোণপাহিয়ে ৰজতক বাৰে বাৰে চহৰৰ চিন্তা মনলৈ নানিবলৈ কৈছিল ৷ ৰজতৰ মাকৰ পিত্ত অসুখ ৷ দিনে দিনে মাকজনী দুৰ্বল হৈ আহিছে ৷ চহৰৰ ডাক্তৰক দেখুৱাবলৈ ৰজতৰ হাতত ইমান টকা নাই ৷ সেয়ে সি গাঁৱৰে পেহীয়েকৰ পুতেকৰ সান্নিধ্যত এদিন তামিলনাডুলৈ গুছি গৈছিল ৷
যাওঁতে সোণপাহিক মাকক চাবলৈ কৈ গৈছিল ৷
কোম্পানীৰ কাম ৷ দৰমহাৰ টকাৰে দুটকামান সাঁচি থৈ কেইটামান টকা মাকলৈ পঠাই আৰু বাকী টকাৰে মাহটো চলে ৷
আজি ৰজতৰ মাকলৈ বৰকৈ মনত পৰিছে ৷
সোণপাহিজনীৰো খবৰ নাই ,মাকক ভালকৈ চোৱা-চিতা কৰিছে বা নাই ! গাওঁত ৰাতি হ’লে নেটৱৰ্কৰ বৰ অসুবিধা,কথা পাতিব নোৱাৰি ৷ দিনত ৰজতৰ নিজৰে সময় নাই ৷ কাম আৰু কাম ৷
কথাবোৰ ভাৱি ভাৱি কেতিয়ানো সি টোপনি গ’ল গমেই নাপালে ৷ ৰাতিপুৱা যেতিয়া মাছ বেপাৰী কেইটাৰ চিঞৰ শুনিলে সি একে জাপে বিছনাৰ পৰা নামি কামলৈ যাবলৈ সাজু হ’ল ৷ লৰালৰিকৈ গাটো ধুই কাপোৰ সাজ পিন্ধি ওচৰৰে হোটেল এখনত চাম্বাৰ খাই কোম্পানী অভিমুখে গাড়ীত উঠিল ৷ একেবাৰে ৰাতি আঠমান বজাত ৰজত ৰুম আহি পাইহি ৷ ভাত-পানী খাই বিছনাখনত পৰিলেই ঘৰৰ কথা মনত পৰে ৷তাৰ মনটো বৰকৈ বিষাই ৷মাজে মাজে তাৰ নিজৰ ওপৰতে খং উঠে ৷
সোণপাহিয়ে কোৱাৰ দৰে সি গাওঁতে অলপ কষ্ট কৰি খেতি-বাতিৰ ওপৰিও ব্যৱসায় কৰা হ’লে এই অচিন চহৰত নিজৰ মাকক আৰু অসমীয়া ভাষাটোক সুঁৱৰি থাকিব লগা নহ’লহেঁতেন!
ইতিমধ্যে ৰজতে এমাহৰ ছুটিৰ আৱেদন কৰিছে, সি এইবাৰ অসমলৈ আহিয়েই মাকক উন্নত চিকিৎসা কৰিব আৰু সোণপাহিকো বিয়া কৰাব ৷আৰু চহৰ বাদ দি গাওঁতে থাকি উপাৰ্জন কৰিব ৷ অফিচাৰে ছুটি মঞ্জুৰ কৰিলে ৷ সি দীঘলকৈ উশাহ এটা টানিলে ৷ নিৰ্দিষ্ট সময়ত ৰজতে অসমলৈ বুলি ট্ৰেইনত উঠিল আৰু উলাহে নধৰা এখন হিয়া লৈ সি আহি থাকিল ৷ তিনিদিনৰ বাট ৷ চকুৰ আগত আপোন গাওঁখনৰ ছবি ভাঁহি আহিল ৷সেউজীয়া পথাৰ খনৰ কাষেৰে গ’লেই ৰজতৰ ঘৰটো পাই ৷ ৷ ৰজতৰ ঘৰৰ পাছফালে এটা পুখুৰী আৰু পুখুৰীটোৰ ঢাপত কলগছ কেইজোপামান আছে ৷ সি কল বিক্ৰী কৰি কেইটকামান পায় ৷ বাৰীত ৰবাব টেঙা এজোপা আৰু তামোল গছকেইজোপাত পান বগাই থাকে বাৰ মাহে ৷ বাৰীৰ তামোল পান ঘৰতে খাবলৈ হয়৷ ৰজতৰ ঘৰটো পাৰ হ’লেই নামঘৰটো আৰু নামঘৰৰ কাষতেই সোণপাহিহঁতৰ ঘৰ ৷ সোণপাহিৰ মাক-দেউতাক আৰু সোণপাহিৰ ভায়েক এটা ৷
নাহৰগাওঁ, পকা আলিটোৰ দুয়ো কাষে পথাৰ আৰু পকা আলিৰ কাষে কাষে শাৰী শাৰীকৈ নাহৰৰ গছ ৷সেয়ে ৰজতহঁতৰ গাওঁখনৰ নাম নাহৰগাওঁ দিয়া হৈছিল ৷ নাহৰ ফুলবোৰ যেতিয়া ফুলে ৷তেতিয়া গাওঁখৰ মনোৰম দৃশ্যই সকলোকে মোহিত কৰে ৷ লাহে লাহে ৰজত অহা ট্ৰেইনখন সোণাপুৰ ষ্টেচন পাবলৈ হৈছে ৷সোণাপুৰ চহৰৰ পৰা ৰজতহঁতৰ গাওঁখনৰ দূৰত্ব বেছি নহয় ৷
এই সোণাপুৰ ষ্টেচনত ট্ৰেইনখন ক্ষন্তেক সময় হে ৰ’ব সেয়ে ৰজতে তাৰ বেগটো ওপৰৰ পৰা নমাই নামিবলৈ সাজু হ’ল ৷ ট্ৰেইনখনে যেতিয়া সোণাপুৰ পাওঁ পাওঁ হওঁতে ধীৰ গতি কৰিলে ৰজতে একেবাৰে ট্ৰেইনৰ দুৱাৰখনৰ মুখ পালেহি আৰু একোবত সাউৎকৰে নামি পৰিল সোণাপুৰ ষ্টেচনত ট্ৰেইনখনে দুইমিনিটমান ৰৈয়ে পুনৰ গতি বৃদ্ধি কৰিলে ৷ৰজতে ইফালে সিফালে চাই অ’ট এখন বিচাৰিলে ৷দুই এখন অ’ট ভাগ্যত থাকিলে পাই , নহ’লে
খোজ কাঢ়িব লাগে ৷কিছুদূৰ বেগটো কান্ধত লৈ খোজ কাঢ়ি গৈ থাকোতেই অ’ট এখন পালে ৷ অ’টখনত বহি নাহৰগাওঁলৈ যাম বুলি চালকক ক’লে ৷
সময় তেতিয়া সন্ধিয়া পাঁচ বাজিছে ৷সি নাহৰগাওঁ সোমায়ে মন কৰিলে গাওঁখনত যেন নিমাওমাও পৰিৱেশ ৷আনকালে এই সময়ত গাওঁৰ ল’ৰাবোৰে নিজ নিজ গৰুলৈ ঘৰমুৱা হয় ৷সৰু ল’ৰা -ছোৱালীবোৰেও- দৌৰা দৌৰিকৈ ঘৰলৈ যায় খেল সামৰি ৷আজি ইমান শান্ত গাওঁখন ! সি আহি নিজৰ নঙলামুখ পালেহি ৷অ’টখনৰ পৰা নামি
চালকক ভাড়াটো দি সি দেখিলে ৰজতহঁতৰ
চোতালত বহুত মানুহ ৷ সি ভাৱিলে মাকেনো কিয় গোটেই গাওঁখনৰ মানুহক সি আহিব বুলি গোটাই থব লাগে ! ৰজতক দেখি তাৰ লগৰ ত্ৰিদিপে ৰজতৰ বেগটো লৈ ৰজতক একেবাৰে পুখুৰীৰ
পাৰতে মুখ হাতখন ধুই আহিবলৈ ক’লে ৷
ৰজতে মুখ হাত ধুই ঘৰত সোমাব লওঁতেই পুনৰ ত্ৰিদিপে ক’লে তই একেবাৰে কামবোৰ কৰিহে ঘৰ সোমাবি ৰজতে ভাবিলে ইমান পৰে তাৰ মাকজনী ওলাই অহা নাই কেলেই ! আৰু ত্ৰিদিপেনো কি কামৰ কথা ক’লে তাক ! হঠাৎ তাৰ চকু তুলসীজোপাৰ তললৈ গ’ল ৷ পূবমুৱাকৈ কাক শুৱাই থৈছে ঢাৰীত ৷কাষত ধূপ-ধূনা জ্বলি আছে ৷অজান আকংক্ষাত তাৰ বুকুখন কঁপি উঠিল ৷সি লাহে লাহে তুলসী জোপাৰ কাষ পাওঁতেই খুৰাকে তাক ক’লে বহুত চেষ্টা কৰিও আইক বচাব নোৱাৰিলোঁ ।ডাক্তৰে বহুত পলম হ’ল বুলি ক’লে ৷ তই যিহেতু আহি আছিলি সেয়ে তোক একো খবৰ নিদিলো ৷ৰাতিপুৱা ন মান বজাত আই ঢুকাল ৷
ৰজতে একে দৌৰে গৈ মাকৰ কাষ পাই কান্দিবলৈ ধৰিলে ৷ শেষবাৰৰ বাবে মাকৰ মুখখন চাই ৰজতে কান্দি কান্দি মাটিত বাগৰি দিছিল ৷ গাঁৱৰ ৰাইজে তাক শান্তনা দিবলৈ চেষ্টা কৰিলে ৷ইতিমধ্যে গাঁৱৰ ৰাইজে সৎকাৰৰ বাবে সকলো যোগাৰ কৰি থৈছিল ৷সেয়ে ৰজতক ক’লে হ’ব ৰজত আগতে মাৰৰ কামখিনি কৰি ল’ব লাগে আহ ৷ ৰজতে মাকৰ শেষকৃত্যৰ বাবে চোতালৰ পৰা সাঙীৰ মাদলি দাঙি ল’লে ৷বাকীকেইফালে গাওঁখনৰ ডেকা দুজনমানে আৰু ত্ৰিদিপে সাঙী দাঙি শ্মশানযাত্ৰা কৰিলে ৷ সকলো ৰীতি-নীতিৰ মাজেৰে মাকৰ সৎকাৰ হৈ গ’ল ৷ ৰজতে বহু সময় শ্মশানতে বহি থাকিল ৷ সি বাৰু কিয় গুছি গৈছিল ৷ সোণপাহিৰ কথা শুনি সি যদি নগ’ল হয় তেতিয়া মাকক অন্তঃত মৃত্যুৰ সময়ত কাষতে পালে হয় ,কিন্তু সি জানো মাকৰ অসুখটো চকুৰ আগত চাই থাকিব পাৰিলেহেঁতেন ! তাৰ মনত অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হ’ল ৷
এনেতে ৰজতৰ বন্ধু ত্ৰিদিপে পিছফালৰ পৰা মাত লগালে ৰজত আহ বহুত ৰাতি হ’ল৷ তই তোৰ ঠাইত শুদ্ধ ৷কথাবোৰ মিছাতে ভাৱি নাথাকিবি ৷এবাৰ সোণপাহিৰ কথা ভাবি চাইছ নে ৷ যিজনী মানুহে অনবৰত আইৰ লগত লাগি আছিল শুশ্ৰূষা কৰি আছিল তাইৰ মনটো কি হৈছে ! তই নথকাৰ অনুভৱ, আইক অকনো হ’বলৈ দিয়া নাছিল ৷
সকলো ভাগ্যৰ লিখন ৷ তই যদি কেনেবাকে আইক চিকিৎসা কৰিও বচাব নোৱাৰিলিহেঁতেন তেতিয়া কি কৰিলি হয় ! গোটেই গাওঁখনৰ মানুহ আইৰ কাষত আছিল তইও আহি পালিহি সৎকাৰ কৰিলি ৷এইখিনিও নোপোৱা হেঁতেন বেছিকৈ বেয়া লাগিলহেঁতেন ৷ আইৰ আত্মাই শান্তি পালে ৷সেয়ে দুখ নকৰিবি ৷বাকী থকা কামবোৰ ভালদৰে কৰিব লাগিব ৷ তোৰ আই সদায় তোৰ হৃদয়ৰ কাষত থাকিব ৷ আহ, ৰজত, এতিয়া ঘৰলৈ যাওঁ ৷ত্ৰিদিপৰ কথাবোৰ শুনি ৰজতে কিছুপৰিমানে মনটো শান্তি পালে ৷
শ্ৰাদ্ধৰ সকলো কাম-কাজ ৰজতে কৰি আৰু চহৰলৈ উভতি নগ’ল ৷ গাঁৱৰ মাটিডৰাতে খেতি-বাতি কৰি লগতে ঘৰৰ পদূলিতে দোকান এখন খুলি স্বনিৰ্ভৰশীল হৈ জীৱন-যাপন কৰিবলৈ ল’লে ৷আৰু এবছৰ মানৰ পিছতে ৰজত আৰু সোণপাহিৰ বিয়াখনো হৈ গ’ল ৷ ৷দুয়ো সুখেৰে জীৱন কটাবলৈ ল’লে ৷ ৰজতে দোকানখনৰ নাম “আই”ৰাখিলে ।
✍️চৈয়দা চায়ৰা বেগম
নাজিৰা নগৰ ৱাৰ্ড
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ