মোক এজাক বৰষুণ লগিছিল
কিন্তু ক'ত পাম
বৰষুণৰ দেশত যাব পৰা হ'লেই
কোনো কথাই নাছিল
নাইকিয়া কৰি পেলালোঁ হয়
ফাগুনৰ বুকুত আউল লগোৱা
দুষ্ট ধূলিবোৰক।
ৰাতি আকাশখনলৈ চালোঁ
দেখিলোঁ গভীৰ আন্ধাৰ
জানা নেকি তুমি
জোনাকৰ শেষ
ঠিকনা ক'ত
যিদৰে কবিতাৰ ঠিকনা
কাৰোবাৰ হৃদয়
এখন চিতা জ্বলিছে
য'ত ধোৱাবোৰ স্বাধীন
সেইখন শ্মশান
মৃত্যুৰ ঠিকনা তাত
কোন সুখী কিমান?
প্ৰেমৰ আত্মাবোৰো যে মৃত্যুৰ পিছত
হৈ পৰে বিকল
প্ৰাপ্তিত ৰচা সপোনবোৰ ক'ত বন্দী আজি
আত্মাৰ সদ্গতিৰ পূৰ্ণতা বিচাৰি
এক মিনিট মৌনতাই অসামৰ্থ আজি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ