সন্ধিক্ষণ

©Admin
0
ৰাতিপুৱা বেৰৰ জোলোঙাৰে
চকুত পৰিছিল 
ৰঙা বৃত্তটোৰ পোহৰ
একে আছিল আইৰ কপালৰ ফোঁট ,
আৰু তাৰ আকাৰ
আইয়ে হাতত গুজি দিছিল দুখন কিতাপ ।
কৈছিল ইয়াৰ সৈতে চিনাকি হ
ই সংগী হ'ব তোৰ সপোনৰ
যদি আগুৰি ধৰে তোক বাধাই
ই আঁতৰাব ক'লা ডাৱৰ ।

চিনাকি হ'ব ধৰিছিলোঁ
শিল আৰু মাটিৰ সৈতে
সি হেনো পৃথিৱীৰ আদিম ভূগোল ।
কাষত পিতায়ে আহি কৈছিল
ক্ষুধাতুৰ মানুহে যে উলংগ কৰে
নদী , পাহাৰ আৰু গাঁৱৰ পথাৰ ।

দেখুৱাইছিল সিহঁতে মোক সপোন এটা
বিশাল আকাশৰ সমান
হিংসা , ঈৰ্ষা আৰু শত্ৰুতাৰ ছবিবোৰ চাই
হেৰুৱাব বুলি ভয় কৰিছিলোঁ সপোনটো
মই কৈছিলোঁ
ব'লা আমি গুচি যাওঁ এই ঠাই এৰি
থাকিবলৈ লওঁ বৰষুণৰ দেশত
পিতায়ে হাঁ‌হি হাঁ‌হি বুজাইছিল
প্ৰাপ্তি অপ্ৰাপ্তিয়ে জীৱনৰ শেষ নহয়
জীৱনৰ শোভাযাত্ৰাটো থাকে 
জটিল সন্ধিক্ষণ ।

✍️জনাৰ্দন তালুকদাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)