কবৰস্থ সপোনৰ মেলা | মিতুমনি কলিতা

Rinku Rajowar
0
সুৰক আলিংগিবলৈ আজি শব্দৰ অভাৱ...
স্তব্ধতাক নেওচি উৰিব বিচাৰে অনাকাংক্ষিত সপোনে পাখি উৰাই,
বাকৰুদ্ধ হৈ কতোৱা প্ৰতিটো জয়াল ৰাতিৰ গোপন মেলা
শুনিবলৈ পাওঁ অশ্ৰুধাৰাত...
স্বপ্ন ভংগৰ বিৰহ বেদনা সহোই বা কেনেকৈ 
মৌনতাৰ মুখা পিন্ধাই...।
আস্ফালিত ৰজনীৰ কন্দলত ভাগৰুৱা হৈ ৰয়  নিঠৰ দেহা..
প্ৰতি প্ৰহৰৰ গভীৰতাত আলোড়িত হয় কবৰস্থ সপোনৰ গোপন অভিলাস...।

✍️মিতুমনি কলিতা
কামৰূপ(হাজো)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)