এই পৰো এই পৰো কৈ থকা
প্ৰকাণ্ড শিলটো
বগৰাই দিয়া
অপতৃণ মষিমূৰ কৰি
উলিয়াই দিয়ক এটা
সেউজীয়া আশা ।
আকাশৰ মেঘৰ ঠোপাটো
ভাঙি দিয়া
সপোন যেন এজাক
বৰষুণে তিয়াই ৰাখক
পাহাৰীয়া ধৰিত্ৰীৰ বুকু ।
পাহাৰীয়া শিলৰ সীৰলুত
ঝুমুৰ জুইকুৰা জ্বলাই
সাৰুৱা কৈ ৰাখা
তেহে গজি উঠিব
হেঁপাহ মৰমৰ ।
✍️হেমেন হাজৰিকা
ৰাণী কাহিকুছি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ