আমাৰ স্বদেশ -ৰেণু শৰ্মা

হে মোৰ দেশৰ মাটি
প্ৰণাম তোমাক
জীৱনে মৰণে আৰু পৰজনমতো
পাওঁ যেন আৰাধ্যা জননী তোমাক
মনে প্ৰাণে সেৱা কৰিবলে
 এই দেশৰ মাটিতেই
প্ৰস্ফুটিত জীৱন কৰবী
চকু মেলিয়েই দেখোঁ
তোমাৰেই মোহনীয়া ছবি
সেউজীয়া সপোনে
নাচি বাগি পৰাণ আকুল কৰা
এয়ে মোৰ আপোনাৰ দেশ
প্ৰণামোঁ, প্ৰণামোঁ যাৰ মহিমা অশেষ। 
তোমাৰ ববুকতে কত লৱৰি ঢাপৰি
সপোনৰ পখিলা খেদিলোঁ
সপোনতে ৰংঘৰ কাৰেং সাজিলোঁ
সুখে -
-দুখে ,ৰঙে- ৰসে ,হাঁহি কান্দোনেৰে
তোমাতেই মুখনি গুজিলোঁ। 
তোমাৰ বুকুৱে বয় লুইতৰ সোৱণশিৰি
সেউজীয়া পাহাৰৰ বুকু ফালি চিৰি
পাহাৰ আৰু ভৈয়ামৰ
প্ৰেম আৰু ভাতৃত্বৰ
আমোলমোলীয়া গোন্ধ, প্ৰীতি এনাজৰী।
পথাৰৰ জহা বৰা, মানিকী মধুৰী
মোক খা মোক খা কৰা
আম কঠালৰ বাৰী
শেৱালি তলভৰা
আমাৰ পদুলি
জেউতিৰ খনি
আছে নেকি ক'ৰবাত 
এনে খনি দেশ
প্ৰকৃতিয়ে পিন্ধাই যাক শ্যামলিমা বেশ? 
হে মোৰ দেশবাসী
প্ৰাণৰ সুহৃদ
এই দেশক নিদিবাযে ক্লেশ
প্ৰণপণে ৰাখা মোৰ 
মোহনীয়া দেশ
আমাৰ স্বদেশ।


Post a Comment

Previous Post Next Post