তেজীৰঙা ফাগুন -জনাৰ্দন তালুকদাৰ

Aditi Tanti
0
ৰাতিপুৱা সন্মুখত সৰি পৰিছিল
এটা তেজীৰঙা শিমলু ফুল
বাঢ়নী বেলিটোৱে কৈছিল
শিমলু ফুলে হেনো দিয়ে
প্ৰেমৰ বতৰা 

তেজীৰঙা হৈ ফুলা শিমলু ফুলটিক সুধিছিলোঁ
ধুলিয়ৰী আকাশখনৰ কথা
শিমলু ফুলটিয়ে কৈছিল 
কিছুমান কথা ক'ব নোৱাৰি
মাথোঁ জানি থোৱা 
মোৰ সৈতে নামি আহে ফাগুন 

হেজাৰ স্বপ্ন বুকুত মেৰিয়াই
বৈ থকা নৈ খনে শিলৰ মোহনাত খুন্দা খাই
ডালবোৰলৈ চালে
সেউজীয়া কলিজাটি হেৰাই
ডালবোৰো মগ্ন বেদনাত

স'ৰাপাতবোৰে বিচাৰিছিল
উতনুৱা ফাগুনে লৈ যাওক 
ডাৱৰৰ দেশলৈ জন
আকাশখন চুই চাই নামি আহিম
বসন্তৰ এটি গান হৈ।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)