যক্ষ্মা মুক্ত ভাৰত গঢ়াত জনতাৰ দায়িত্ব আৰু যক্ষ্মা নিয়ন্ত্রণত চৰকাৰী আঁচনি(প্ৰথম খণ্ড)

©Admin
0
আজিৰ পৰা  কিছু বছৰৰ আগলৈকে যক্ষ্মা ৰোগ ( টিবি )  সমাজৰ কোনো এজন ব্যক্তিৰ দেহত হ'লে সেই ব্যক্তিজনক সমাজে  একেবাৰে একাশৰীয়া কৰাৰ এক পৰিৱেশে দেখা দিছিল  । তাৰ ফলত সেই ৰোগীজনৰ প্ৰতি কৰা অনিহা বা একাশৰীয়া কৰা পৰিৱেশে আৰু  চিকিৎসাৰ গাফিলতিত  ৰোগীজন   মানসিক ভাৱে ভাগি পৰাৰ  ফলত আমাৰ সমাজত বহু মানৱ সম্পদ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিব লগীয়া হৈছিল ।  সেই সময়ত মানুহৰ  সচেতনতাৰ অভাৱৰ কাৰণে  যক্ষ্মা ৰোগ সমাজৰ বেলেগ এজনলৈ সহজে সক্ৰমিত হৈছিল । সেয়ে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত কেন্দ্ৰীয়  চৰকাৰে ৰাষ্ট্ৰীয় যক্ষ্মা দুৰকৰণ আঁচনি ( N T E P )  ৰ যোগেদি সমগ্ৰ ৰাষ্ট্ৰত ২০২৫ চনৰ ভিতৰত  " যক্ষ্মা   মুক্ত " ভাৰত গঢ়াৰ   পৰিকল্পনা গ্ৰহণ কৰিছে ।  সেই বাবে  ৰাজ্যিক আৰু জিলা পয্যায়তক  অভিজ্ঞ চিকিৎসকৰ দ্বাৰা  "  যক্ষ্মা  " নিয়ন্ত্ৰণ কোষ গঠন কৰি সম্পূৰ্ণ  বিনামূলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থা  চৰকাৰে হাতত লৈছে  । কথা হ'ল চৰকাৰৰ এনে কায্যসুচী বা যক্ষ্মা নিয়ন্ত্ৰণ সম্পৰ্কত  আমাৰ সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে  এতিয়াও সজাগ সচেতন হৈ উঠা নাই ।  অথ্যাৎ  এই ৰোগৰ লক্ষণ নো কি  , এই ৰোগৰ আধুনিক চিকিৎসা পদ্ধতিনো কেনেকুৱা ই এক গুৰুত্বপূৰ্ণ বিষয় । এই  ক্ষেত্ৰত চৰকাৰৰ যক্ষ্মা মুক্ত ভাৰত গঢ়াৰ পৰিকল্পনা সফল হ'বলৈ  হ'লে সমাজৰ  বিভিন্ন চৰকাৰী , বে 'চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান  বা সামাজৰ সচেতন নাগৰিক সকলে  এই যক্ষ্মা ৰোগনো কি আৰু   চিকিৎসাৰ  ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ সম্পৰ্কত ভালদৰে  জানিব বা বুজি ল'ব লাগিব । কাৰণ চৰকাৰৰ যেই কোনো এখন  আঁচনি ৰাইজৰ  সহায় সহযোগ  নহ'লে  কৃতকায্য হ'ব নোৱাৰে ।  সেয়ে সমাজৰ  সাধাৰণ জনতাক বুজাই ক'ব পৰাকৈ যক্ষ্মা ৰোগনো কি বা ইয়াৰ লক্ষণ  কেনেকুৱা ,  কেনেধৰণৰ খাদ্য সেৱন বা ভক্ষণ কৰিলে যক্ষ্মা ৰোগ হ'ব পাৰে , যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ চৰকাৰী  আঁচনি কিবা আঁচনি  এই কথাবোৰ সচেতন নাগৰিক সকলে যানাৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে ।চিকিৎসা বিজ্ঞানৰ মতে  এই ৰোগ সম্পৰ্কীয় বিষয় যদি  অধ্যয়ন কৰা হয় তেতিয়া জানিব পাৰি যে মাইকোবেক্টেৰিয়াম টিউবাৰকুলোছিছ নামৰ এবিধ বেক্টেৰিয়াৰ দ্বাৰা  যক্ষ্মা ৰোগ সৃষ্টি হয় ।  যক্ষ্মা ৰোগ হৈছে এবিধ সংক্ৰমিত ৰোগ । মানৱ শৰীৰৰ ভৰিৰ পৰা মুৰলৈকে যক্ষ্মা ৰোগে আক্ৰমণ কৰিব পাৰে । চিকিৎসা শাস্ত্ৰত কোৱামতে হাওঁফাওঁক আক্ৰান্ত কৰা  যক্ষ্মাৰ নাম হ'ল  পালমনেৰী টি বি আৰু এনে ধৰণে দেখা দিয়া বিধেই হৈছে যক্ষ্মা ৰোগ । হাওঁফাওঁৰ বাহিৰেও মানৱ শৰীৰৰ অন্যান্য অংশত উৎপত্তি হোৱা যক্ষ্মাক হাওঁফাওঁ বহিভূত যক্ষ্মা ( এক্মট্ৰা পালমনেৰী  টি বি )  বুলি কোৱা হয় ।
এতিয়া কথা হ'ল যক্ষ্মা ৰোগ  কেনেকৈ চিনাক্ত কৰিব পাৰি - হাওঁফাওঁত দেখা দিয়া যক্ষ্মা চিনাক্তকৰণৰ বিশেষ উপায় হ'ল খেকাৰ পৰীক্ষা কৰা । হাওঁফাওঁৰ যক্ষ্মা হ'লে ৰোগ নিৰ্ণয় কৰোতে খেকাৰ পৰীক্ষা কৰাটো বাধ্যতামূলক । খেকাৰৰ দুটা নমুনা এটা থিতাতে আৰু এটা  ( ৰাতিপুৱা )   দুই দিনৰ  ভিতৰত সংগ্ৰহ কৰিব লাগে আৰু   DESIGNATED MICROSCOpY CENTRE (  D M C )  পৰীক্ষা কৰিব লাগে । 
দুটা খেকাৰৰ নমুনাৰ ভিতৰত এটা নমুনাটো যদি যক্ষ্মাৰ বিজানু ধৰা পৰে তেতিয়া ব্যক্তিজন হাওঁফাওঁৰ যক্ষ্মাত আক্ৰান্ত বুলি গণ্য কৰা হয় । ৰোগ চিনাক্তকৰণ পদ্ধতি অনুযায়ী  X-ray আৰু অন্যান্য পৰীক্ষা - নিৰীক্ষাৰ  দ্বাৰা এই ৰোগ চিনাক্ত কৰা হয়  । ইয়াৰউপৰিও প্ৰায়বোৰ জিলা পয্যায়ত থকা চিকিৎসালয় সমুহত চি বি নেট ( C B NAAT )  নামৰ এক বিশেষ খেকাৰ পৰীক্ষা কৰা ব্বিনামূলীয়াকৈ ব্যৱস্থা চৰকাৰে কৰিছে ।  
যক্ষ্মা ৰোগৰ ( টিবি )  লক্ষণ সমুহ :- দুই সপ্তাহ বা ততোধিক সময়ৰ বাবে কাঁহ , শৰীৰৰ ওজন কমি অহা  , জ্বৰ ( সাধাৰণতে সন্ধিয়া সময়ত হোৱা ) বুকুত হোৱা বিশ  , খেকাৰৰ লগত তেজ যোৱা , ৰাতি ৰাতি ঘামি থকা , গাঁঠিৰ বিশ , ভাগৰ লগা , ভোক কমি অহা , সৰু ল'ৰা-ছোৱালীৰ বয়স অনুপাতে ওজন বৃদ্ধি নোহোৱা , পুষ্টিহীনতাত ভোগা , শৰীৰৰত গাঙঠি উঠা বা গন্থি ফুলি উঠা ইত্যাদি । যক্ষ্মা ৰোগ  যিকোনো বয়সৰ মানুহৰ হ'ব পাৰে বুলি চিকিৎসক সকলে কয় ।
যক্ষ্মা ৰোগৰ চিকিৎসা পদ্ধতি -- এই ৰোগ হোৱা ৰোগী সকলে কোনো চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈ ঘৰতে চিকিৎসা গ্ৰহণ কৰিব পাৰে ।ইয়াৰ বাবে চিকিৎসকে যিমান দিনলৈ ঔষধ খাবলৈ কয় সিমান দিনলৈকে উপযুক্ত মাত্ৰাত নিয়মীয়াকৈ ৬ মাহ সময় প্ৰতিদিনে ঔষধ খালে যক্ষ্মা ৰোগ সম্পূৰ্ণ ভাৱে ভাল হয় । যদিহে যক্ষ্মাৰ চিকিৎসা সম্পূৰ্ণ ভাৱে কৰা নহয় তেতিয়াহ'লে এই ৰোগৰ বিজানুৰ দৰৱৰ প্ৰতি প্ৰতিবন্ধকতা বাঢ়ি যায় আৰু যক্ষ্মাৰ জটিল ৰূপত আকৌ দেখা দিব পাৰে যাক  MDRTB বুলি জনা যায় । 
MDRTB (  Multi Drugs Resitant TB - অথ্যাৎ বহু বছৰৰ প্ৰতিৰোধি যক্ষ্মা ৰোগ ) যদি  প্ৰথম অৱস্থাতে থকা এজন যক্ষ্মা ৰোগীয়ে নিয়মীয়াকৈ নিজৰ ঔষধবোৰ নাখায় আৰু সম্পূৰ্ণভাৱে চিকিৎসাৰ ম্যাদ বা কোৰ্চ সম্পূৰ্ণ নকৰে তেতিয়া সাধাৰণতে সেই সকল ৰোগীৰ MDRTB   হোৱা দেখা যায় ।এই ৰোগৰ সম্পূৰ্ণ চিকিৎসা  হ'বলৈ  ৯ ৰ পৰা ২৭ মাহ পৰ্য্যন্ত সময় লাগিব পাৰে ।  MDRTB   ৰোগীসকলে এই ৰোগৰ পৰা সম্পূৰ্ণ আৰোগ্য হ'ব , যদি তেখেত সকলে নিয়মীয়াকৈ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ দিহা পৰামৰ্শ মতে ঔষধ  সেৱন কৰি থাকে । এই  ক্ষেত্ৰত ৰোগী সকলে চিকিৎসক স্বাস্থ্যকৰ্মীৰ লগত সম্পূৰ্ণ সহযোগিতা ৰাখিব লাগে । যদি এই ৰোগী সকলে আকৌ ঔষধ খোৱাত অনিয়মীয়া হয় তেতিয়া হ'লে ৰৰোগীসকৰ  MDRTB  তকৈ আৰু বেছি জটিল যক্ষ্মা ৰোগ হ'ব । যাক XDRTB  বুলি জনা যায় ।গতিকে আৰম্ভণিতে যক্ষ্মা ৰোগী সকলে নিয়মীয়াকৈ আৰু নিদিষ্ট সময়লৈকে ঔষধ সেৱন কৰিব লাগে । বৰ্তমান আমি জনাত যোৰহাট জিলাত  XDRTB  ৰোগীৰ চিকিৎসা কৰাৰ চৰকাৰী সুবিধা বিনামূলীয়াকৈ ঔষধ যোগানৰ ব্যৱস্থা উপলদ্ধ আছে ।


▪️জগন্নাথ অগ্নি বৰা ( যোৰহাট )
এজন সমাজকৰ্মী , 
প্ৰকাশিত পুস্তিকাৰ পৰা সহায় লোৱা হৈছে 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)