"মালতী,নৈখন আমাৰপৰা আৰু অলপ ওচৰত হোৱা হ'লে মোৰ কষ্ট ভালেখিনি কমিলহেঁতেন।" নদীৰ বুকুত সংগ্ৰাম কৰিয়েই দুবেলা দুমুঠিৰ যোগাৰ কৰা দেউতাকে মাকক এনেদৰে কোৱা সত্যেনে প্ৰায়েই শুনিছিল।
দেউতাক এদিন ঢুকি নোপোৱা দূৰলৈ গুচি গৈছিল আৰু নদীখন লাহে লাহে ওচৰলৈ আহিছিল।
বাৰিষাৰ উজাগৰী ৰাতি আকাশৰ তৰালৈ চাই সত্যেনে এতিয়া কয়,"দেউতা,চোৱা।নদীখনে আমাক সামৰি ল'বলৈ বেছিদিন নাই।"