লক্ষ্য অভিমুখে যাত্রা

©Admin
0
নিশাটো উজাগৰী থকাৰ অন্তত
আমাৰ সিদ্ধান্তটি দৃঢ় হৈছিল ...
পুৱতিতেই খোজ দিলোঁ লক্ষ্যপথত  ।
নিৰাপদ পথটিৰে নিৰ্ভয়ে গতি কৰিলোঁ 
হঠাতে লগ পালোঁ এজাক ভতুৱা কুকুৰ 
আমাক  দেখি চোৰ যেন পালে নে নাজানো 
কুকুৰজাকে ভুকিব ধৰিলে ...

আমাৰ  খোজৰ গতি দ্রুত হ'ল
সিহঁতেও পিছে পিছে ভুকি আহিল ...

লক্ষ্যস্থান পোৱালৈ সিহঁতৰ ভুকুনিবোৰ নোহোৱা হৈছিল 
তথাপি আমাৰ  খোজৰ গতি লেহেমীয়া হোৱা নাছিল ।

লক্ষ্যস্থান পাই পিছফালে ঘুৰি চাই দেখোঁ সিহঁত নাই 
দুচকু মুদি সিহঁতলৈ কৃতজ্ঞতা জনাই
উশাহটি দীঘলকৈ টানিলোঁ ।
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)