সন্ধ্যাৰাগ | মিতুমনি কলিতা

Rinku Rajowar
0
নাজানো সময়ৰ গতিত ক'ত ৰৈ যাওঁ !
নাজানো শেষ ক'ত !!
তথাপি ৰ'ম একাঁজলি সপোন আকলুৱা ৰ'দৰ বাবে ।
য'ত পৰশিব তোমাৰ মোৰ প্ৰেমৰ অবুজ অনুৰাগে...!
নিৰিবিলি সন্ধ্যাৰ আকাশত তুমিয়েই জোনাক ;
কাঁচিয়লি ৰ'দত জিলিকি উঠা এপাহি শেৱালীৰ সুবাস ।
যাৰ পৰশত জীপাল হৈ উঠে 
সন্ধ্যাৰাগিণীৰ ধূসৰিত ৰাতিত ৰৈ যোৱা স্মৃতিৰ ঠিকনা ।
সন্ধ্যাৰাগ তুমি মোৰ মনৰ অনুভৱী পিয়াহ ,
তোমাতেই আৰম্ভণি মোৰ প্ৰেমৰ অজানা ৰাগ...।

      
✍🏻মিতুমনি কলিতা
   নেপনি কলেজ অফ্ নাৰ্চিং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)