বাৰেপতি বিচলিত হওঁ লক্ষ্যৰ পৰা ।
প্ৰেয়সী নহয় প্ৰেৰণা লাগে ।
সুখ-দুখৰ মাজতে জীৱন
তথাপিও জীৱনৰ আজৱ প্ৰশ্ন
উত্তৰ শূন্য !
নিজান ৰাতি
কল্পনাৰ ৰেঙণী
কত যে সপোনে
পলকতে দোলা দি যায় !
নাভাবো বুলি নোৱাৰি
কৰে যে আমনি ।
টিক টিক ঘড়ীৰ শব্দ
ৰাতি বাৰ বাজিবৰ হ'ল ।
নাইচোন টোপনি
কেনিবা হেৰাল ?
তাহানিৰ মন
কি যে মধুৰ ক্ষণ !
জীৱনৰ অৰ্থ নাপালোৱেই কাহানিও
উত্থান-পতন বাৰম্বাৰ ।
বিলীন হ'বলৈ মন যায়
ধৰিত্রী , তোমাৰ বুকুতে
কিন্তু নোৱাৰি
ভন্টিৰ সপোন ,
মাৰ শেতা পৰা মুখনিলৈ চাই ।
তুমি ঠিক বুজিছা
মই এজন যোদ্ধা
নিজকে কৰিম প্ৰতিষ্ঠা ।
✍🏻নাৰায়ণ গঁড়
ঢেকিয়াজুলি