সীমান্তৰ সেনানী | আল্পনা দলে

Rinku Rajowar
0
অহৰ্নিশে শত্ৰু ৰাষ্ট্ৰৰ লোলোপ দৃষ্টি
আমি যেতিয়া নিদ্ৰামগ্ন হৈ থাকো ;
তেতিয়া তেওঁলোক সাৰে থাকে
আমাৰ সুখ নিদ্ৰাৰ বাবে ।
চিৰ জাগ্ৰত সীমাৰ অতন্দ্ৰ প্ৰহৰী
তপত মৰুভূমিত দুৰ্ভিক্ষ জীৱন ;
হিমশীতল বৰফতো কোঙা নহয়
আন ক'ৰবাত পৰ্বতৰ শিখৰত
প্ৰতিটো ক্ষণ ভয় শংকা প্ৰত্যাহ্বানমূলক ;
প্ৰতি ধূলিকণাই কৈ যায়
সীমাৰ পৰিধি ভাঙি ,
ভাৰতীয় সেনাৰ বীৰত্বৰ কাহিনী ।
দুৰ্গম অঞ্চলে
দেশৰ স্বাভিমানক সোঁৱৰাই ;
সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলে
গাই যায় আই মাতৃৰ জয়গান ।
আপোনজনক হেৰুৱাৰ
বিষাদ-বেদনাসিক্ত জীৱন ;
অনুভৱৰ সীৰলু হৈ
শিৰাই শিৰাই বৈ থাকিব ।
হে শ্বহীদ ; প্ৰণামো তোমাক ।।
তোমালোকৰ মৃত্যু অথলে নাযায়
দেশবাসী সাক্ষী হৈ ৰ'ব ।।

✍🏻আল্পনা দলে

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)