ৰঙৰ উৎসৱ ফাকুৱা আৰু ইয়াৰ তাৎপৰ্য

©Admin
0
সৰাপাতৰ ঠিকনা বিচাৰি ফাগুন নামে। এই ফাগুন মাহৰ পূৰ্ণিমা তিথিতে ৰং আৰু আনন্দৰ উৎসৱ দৌল উৎসৱ বা ফাকুৱা উৎসৱ পালন কৰা হয়। এই উৎসৱ হৈছে এবিধ লোক উৎসৱ। এই উৎসৱৰ লগত অনেক পৰম্পৰা আৰু লোকবিশ্বাস জড়িত হৈ আছে।এই উৎসৱৰ মূল উদ্দেশ্য হৈছে - মানুহ, জীৱ-জন্তুৰ উৰ্বৰতা বৃদ্ধি কৰা।

     উৎসৱ সমূহে আমাৰ মনত আনন্দ প্ৰদান কৰে। সেইদৰে ৰঙৰ উৎসৱ ফাকুৱাই ও আমাৰ মনত শান্তি আৰু আনন্দ দিয়াৰ লগতে সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰী গঢ়ি তোলে।

   এই উৎসৱত সকলোৰে গালে মুখে ফাকুৱাৰ ৰং সনাৰ লগতে চৌদিশ ৰং আনন্দৰে বিৰাজিত হওক বুলি ফাকু গুড়ি ছটিয়াই শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশক ফাকুৱাৰ গীত গোৱা হয়। ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা জনসমাজত প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যেই এই দৌল উৎসৱ পালন কৰা হয়। 

ফাকুৱাৰ ৰঙে ছালৰ ৰোগ নিৰাময় কৰাৰ লগতে, সৌন্দৰ্য্য বৃদ্ধি কৰে। মাটিত যদি ফাকুৱাৰ গুড়ি পৰে তেনেহ'লে মাটিৰ উৰ্বৰতা বৃদ্ধি পায়। জনবিশ্বাস মতে এই দৌল উৎসৱত যদি দৌল মন্দিৰৰ চৌপাশে ঘূৰে তেন্তে পূৰ্বজন্মৰ পাপ নাশ হয়।

     আজিকালি দেখা যায় যে কিছুলোকে ফাকুৱাৰ ৰঙৰ লগত কৃত্ৰিম তথা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে। যিবোৰ আমাৰ ছালৰ বাবে যথেষ্ট অপকাৰী। যিবোৰে আমাৰ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে ।গতিকে,এইবোৰ এৰাই চলি অতীজৰে পৰা চলি অহা আমাৰ এই পৰম্পৰাগত উৎসৱটো জীয়াই ৰখাৰ বাবে সকলোৱে সহায় কৰে যেন। সম্প্ৰীতিৰ ভাৱেৰে সকলোৱে মিলি এই পবিত্ৰ উৎসৱ সমূহ অক্ষুণ্ণ ৰখাত সহায় কৰে যেন । তেতিয়া আমি উদযাপন কৰা এই উৎসৱ সমূহ সাৰ্থক হ'ব আৰু আমিও আমাৰ পৰম্পৰা সমূহ ৰক্ষা কৰিব পাৰিম।। 

    
✍️দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)