পক্ষাঘাত ৰোগত আক্ৰান্ত মানৱতা

সুখৰ আখলত জুই লাগিছে 
তেজ ওপঙি বৈ গৈছে নদীৰ সোঁ‌তত
দুখৰ উত্তাপে দহিছে মন
আশাৰ নিৰাশাই খুন্দিয়াইছে বুকুত 
সম্পদৰ ভঁৰাল দেউলীয়া হ'ল
যুদ্ধৰ ভয়াবহতাই পীড়িছে কলিজা ।
বিকট শব্দ ফুটিছে নিচেই কাষত
কিংকৰ্তব্যবিমূঢ় হৈ প্ৰসূতিয়ে বিচনা এৰিছে
হুৱা-দুৱা কৰি ঢাপলি মেলিছে
প্ৰাণৰ ভয়ত নৱজাতকক কোলাত লৈ ।
যুদ্ধত বিধ্বস্ত মাতৃভূমি 
নিৰাপত্তাহীনতাত আৱদ্ধ নিৰীহ সকল
বিভীষিকাই অঘৰী কৰিছে জীৱন ।
সৈনিক পিতৃৰ মৃত্যু ঘটিছে
স্বদেশ ৰক্ষাৰ যুঁজত শ্বহীদৰ তালিকাত
নাম খোদিত হৈছে
মাতৃও চিৰনিদ্ৰীত হৈছে শত্ৰুৰ গুলিত
পুত্ৰ কন্যা অনাথ হৈ কান্দিছে
মানৱতাৰ সংজ্ঞা দেউলীয়াৰ ঘৰত ।
যুদ্ধৰ প্ৰতিচ্ছবি অতি ভয়াবহ
ধাৰাষাৰ আগ্নেয় অস্ত্ৰৰ স্ফুলিঙ্গ ছিটিকিছে
শিশু সকলৰ স্মৃতিত ৰৈ যোৱা কথাবোৰ 
এদিন সাধু কথাৰ দৰে হ'ব ।
জুইৰ লেলিহান শিখাই 
নিমিষতে ঘৰবোৰ পুৰি ছাৰখাৰ কৰিছে
যুদ্ধ ক্ষেত্ৰ আজি বৰ্বৰতাৰ উৰ্ব্বৰ পথাৰ
সেই বাবে  
বাংকাৰেই ধনী দুখীয়াৰ নিৰাপদ স্থান ।
জীয়াই থকাৰ মোহত ভীক্ষাৰ পাত্ৰ লৈ
নিৰাপত্তা বিচাৰি থিতাপি লৈছে
প্ৰবাসৰ আশ্ৰয় শিৱিৰত ।
দুৰ্য্যোগৰ ক্ষণভঙ্গুৰ সময়ে 
ছেদেলি-ভেদেলি কৰিছে মানৱতাৰ সত্তা
জীৱন জীৱিকা হেৰুৱাই
ভীতিবিহ্বল কৰিছে অসহায় জনতাক ।
ধ্বংসস্তূপৰ অট্টালিকাই ইতিকিং কৰিছে
ভবিষ্যত জীৱনৰ দুৰ্ভগীয়া ক্ষণৰ ।
নগৰ চহৰ মৰিশালি হ'ল
আপোন জনৰ সংযোগ বিচ্ছিন্ন আজি
ব্যাকুল হৃদয়ৰ উচুপনি
ভয়াৱহ দিনৰ সাৰথি আজি 
এদিন শ্বহীদৰ বেদীয়ে কান্দিব 
স্মৃতি সৌধ হৈ ৰ'ব কৱৰস্থান
ইতিহাসে হাঁ‌হিব আমাক ।
ঐশ্বৰ্যশালী সভ্যতাৰ ভেটি 
বোমাৰ বৰষুণে ছাৰখাৰ কৰে নিমিষতে
মানৱতাৰ দংশনত কম্পিত সকলো ।
যুদ্ধৰ দিনপঞ্জীয়ে
কাক কিমান অহংকাৰী কৰি তোলে ?
অৰ্থনীতি কোঙা হ'লে কোনে  মুনাফা লভে ?
কাক সুধিম কোনে দিব ইয়াৰ উত্তৰ ?
মানুহ মানুহৰ শত্ৰু কিয়
ৰাষ্ট্ৰ কিয় শত্ৰু হৈ পৰে অন্য ৰাষ্ট্ৰৰ
কুটিল সময়ৰ পঙ্কিলতাত
কুটনৈতিক আলোচনা বিফল হয় কিয় ?
মানৱতা পক্ষাঘাত ৰোগত আক্ৰান্ত কিয় 
ধ্বংস যজ্ঞৰ বাবে বিধ্বংসী অস্ত্ৰ কিয় ?

Post a Comment

Previous Post Next Post