বন্ধুত্ব -বিশ্বজিৎ সূত

Aditi Tanti
0
সপোনৰ কাৰেঙত
ৰাঙলী সূৰুযৰ ৰশ্মিৰে
পোহৰাই তোলা
তুমি তিমিৰাচ্ছন্ন ৰাতিৰ
হৃদয়ৰ কোঠালিত
জিলিকি থকা
চিৰ সেউজ উপত্যকা । 
তোমাৰ সিৰে-সিৰে
বৈ আছে ভালপোৱাৰ গভীৰতা , 
মনৰ অট্টালিকাৰ কঁহুৱাত
পলে পলে নিগৰিছে
বন্ধুত্বৰ নিজৰা । 
তোমাৰ অংকৰ জংক-পংকই
মোৰ হৃদয়ৰ দুৱাৰত
জুইৰ শিখাৰ দৰে 
জ্বলি জ্বলি
পোহৰ বিলাই
দি থৈ যায়
জীৱনৰ সোণোৱালী সুবাস । 
সপোনৰ দিগবলয়ত
সেউজীয়া সপোন দেখি
চিৰদিনৰ বাবে মোক দি যায়
গভীৰ বন্ধুত্বৰ প্ৰতিশ্ৰুতি ।। 


                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)