অৱশিষ্ট -চিন্ময় বৰা

Aditi Tanti
0
তুমিটো নাই এতিয়া 
মোক মোৰ বাবে জীয়াই ৰাখিবলৈ , 
জীয়াই থকাৰ আশা দিবলৈ । 
সেয়ে হয়টো নিৰাশাবোৰ আকৌ আহিছে
বুকুত যন্ত্রণা বাঢ়িছে , হতাশাই বাট ভেটিছে
কিন্তু তথাপিও জীয়াই আছোঁ
তোমাৰ অৱশিষ্টবোৰ লৈয়েই । 
তুমি যে নাই এতিয়া 
তাৰ উমান বুজিব পাৰি হৃদয়ে কান্দিছে , 
কোনো নদীৰ তীৰৰ পৰা জাপ মৰাৰ সপোন দেখিছে
কিন্তু জীয়াই থাকিব লাগিব
তোমাৰ অৱশিষ্টবোৰ লৈয়েই ।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)