অনুতপ্ত -পল্লৱ কুমাৰ

Aditi Tanti
0
 অনুতাপৰ অগ্নিত দহিছো আজি মই
  তোমাৰ অনুভৱৰ জ্বলন্ত শিখাই পুৰিছে আজি         মোক ,
  তুমি নুবুজিবা তোমাৰ প্ৰতিটো বাক্যবাণে
  কলিজাৰ কোঁ‌হে কোঁ‌হে উঁই-পৰুৱাই দংশন            কৰাদি
  এফালৰ পৰা কুটি আছে মোক ।
  প্ৰতিশ্ৰুতিৰ সূতা ডাল
  বিষাদৰ পৰুৱাবোৰে কুটি কুটি চিঙি পেলালে
  জোৰা দিব নোৱাৰিলোঁ অভিমানৰ ভাষাৰে ,
  আঘাত হানিলোঁ মই তোমাৰ আত্মসন্মানক
  তাৰে প্ৰতিফলনত বিয়পিছে 
  মোৰ কলিজাত শোণিতৰ ৰক্তিম লোটক ।
  ভাগ্যত লিখা চাৰিঅনা শব্দত 
  মাথোঁ লিখি গ'ল বিষাদৰ সুৰ ,
  সেই সুৰত নাছিল তুমি নামৰ তাল
 সেইয়ে আজি নিমিলা সুৰৰ লহৰ তুলিছো মই ,
 অৱচেতন ভাৱনাত অৱদমিত শব্দবোৰে 
 প্ৰতিটো পলতে অৱমাননা কৰিছে আজি মোক ।
 তুমি মোৰ পৰা আছুতীয়া হৈ তোমাৰ আনুৰক্তিত মগ্ন
 মই আজি প্ৰতি খোজে খোজে বঞ্চনাত বঞ্চিত
 আজি মই অজামিল তোমাৰ অন্দৰমহলত
 সেইয়ে আজি অভিশস্তত ডুবিছে মন         আত্মহননত।।
                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)