ৰঙা মদাৰ ফুলে
ফাগুন মানে ন-কুঁহিপাত ওলাই
গছৰ ডালত।
মনো ৰাঙলী হৈ শিমলু তুলা হৈ
উৰিব খোজে ।
বিহগী চৰাইৰ মাতত কপৌ ফুলে
বহাগৰ নতুন সুবাস আনে হৃদয়ত।
ফাগুনৰ পচোৱাই
মন ৰিঙা ৰিঙা কৰে।
গছৰ পাতে দখোন
লৰালীৰ কথা সোঁৱৰাই।
✍️মধুকৃষ্ণা দেউৰী শিলপনীয়া
ডিব্ৰুগড়।