আকৌ আহিম | মৌচম হাজৰিকা

Rinku Rajowar
0
ইউক্ৰেইন
এতিয়া আহো 

যুদ্ধ শেষ হ'লেই
আকৌ আহিম 

বুকুত লৈ গৈছো 
তোমাৰ স্মৃতি। 

নাপাহৰো তোমাৰ 
তপত চকুলো 

নাপাহৰো তোমাৰ
দেশপ্ৰেমৰ সীৰলু 

ইউক্ৰেইন
এতিয়া আহো 

যুদ্ধ শেষ হ'লেই
আকৌ আহিম। 

তোমাৰ সাহস দেখিলো 

তোমাৰ শত্ৰুও চিনিলো। 

ইউক্ৰেইন
এতিয়া আহো 

যুদ্ধ শেষ হ'লেই
আকৌ আহিম। 

যুদ্ধত দখল হ'ল
বহু চহৰ, বহু নগৰ 

কিন্তু 
দখল নহ'ল মানৱতা। 

ইউক্ৰেইন
এতিয়া আহো 

যুদ্ধ শেষ হ'লেই
আকৌ আহিম। 

মিছাইল উৰিল
টেংকাৰ চলিল 

কিন্তু 
সূৰ্যমুখী ফুল 
ফুলিয়েই থাকিল। 

সেয়ে 
অচিৰেই এদিন
সূৰ্য্যোদয় হ'ব 

অচিৰেই এদিন
জীৱনৰ গান বাজিব। 

ইউক্ৰেইন
এতিয়া আহো 

যুদ্ধ শেষ হ'লেই
আকৌ আহিম। 

বুকুত লৈ গৈছো 
অলেখ স্মৃতি। 

✍️মৌচম হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)