আধালিখা দস্তাবেজ | অংকুৰ বৰা

মোৰ অনুভৱী পৃষ্ঠাৰ তুমি এখিলা আধা  লিখা দস্তাবেজ....
য'ত, মোৰ প্ৰেমক
সম্পূৰ্ণ ৰূপ দিয়াত মই ব্যৰ্থ ।।
তোমাৰ প্ৰেমত পৰাৰ যোগ্যতা মই নাজানো
তথাপিও হাজাৰবাৰ তোমাৰ প্ৰেমত পৰিছোঁ ।।
মই জানো তোমাক মোৰ কৰাৰ
যোগ্যতা মোৰ নাই
কিন্তু কি কৰিম কোৱা....
অবুজ মনটোৱে চোন তোমাক বিছাৰি
হাবাথুৰি খায়।।
অপেক্ষা কৰিম.......
শুনিছোঁ সময়ৰ সোঁতত হেনো
সকলো সলনি হয়।।।

            ✍️অংকুৰ বৰা

2 Comments

Previous Post Next Post