ফাগুনে মোক কবিতা লিখিবলৈ শিকালে | সমুজ্জ্বল ডেকা

©Admin
0
ফাগুনৰ ৰিব্ ৰিব্ বতাহত
মনে কৰে ধেমালি।
মদাৰ,পলাশ,শিমলু গছত
বিয়পে ফাগুনৰ বাতৰি॥
কিনকিনীয়া বৰষুণে দি যায় 
ফাগুনৰ সংবাদ।
ভাহি অহা ফাগুনৰ সুৰে
অৰ্থহীন কৰে যুক্তিহীন বিবাদ॥
ফাগুনে কবি-সাহিত্যিকৰ 
মন প্ৰফুল্ল কৰি...
কবিতাৰ কথা কয়
কবিৰ হৃদয় জুৰ কৰি।
সৰি পৰে গছৰ পাত,
নাম হেনো তাৰ সৰাপাত।
সৰাপাতৰ আঁৰত ভাহি আহে 
ফাগুনৰ হাঁহি।
পৰিপুষ্ট-পৰিতুষ্ট কৰি কবিৰ মন
ফাগুনৰ লহৰত নাচে মধুৰ বাঁহী॥

**********************************

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)