ফাগুনৰ বতৰ | এছ ইছলাম

©Admin
0
ফাগুনৰ বতৰত
বসন্তৰ আগমন 
কুলিৰ সুৱদি মাতে
কাঢ়ি লয় আমাৰ মন।

সৰাপাতৰ মৰ-মৰণি
বা-মাৰুলিৰ দপদপনি 
উৰে বতাহত কহুঁৱা ফুল 
নদ-নদীৰ দুয়ো কূল।

শিমলু জোপাৰ তলত 
মদাৰ ফুলৰ গোন্ধত 
শেৱালিৰ সুবাসত
মন মোৰ হৰষিত ।

বৰদৈচিলাৰ খৰ গতি
ঘৰ-দুৱাৰ ভাঙি কৰে ক্ষতি
আইতাৰ বোলে মহাজ্বৰ
সেয়ে গতি খৰধৰ।

এজাক বৰষুণ পৰিলে
ধৰণীৰ সজীৱতা মিলে
গছে গছে কুঁহিপাত 
চৰাই-চিৰিকটিৰ শুৱলা মাত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)