বৰফৰ ফুল ফুলিছে
হয়তো এনেকৈয়ে এই বাটেৰে
ফাগুন আহিছিল
এনেদৰে ফাগুনে দুটি মনক
দুটি মনক একেডাল সূতাৰে বান্ধিছিল চিৰদিন
মোৰ মৌপিয়া জনী
ৰৈ আছে আকাশলৈ চাই
এজাক বৰষুণৰ অপেক্ষাত
নিশাৰ ঠেঁটুৱে লগা
জাৰৰ নিৰ্যাতন সহি সহি
শুকান পাতত পানী বিচাৰিছে তাই
যদিও দুচকুৰ
আটলান্টিক মহাসমুদ্ৰ
লৈ ফুৰিছে তাই
হয়তো ফাগুন এনেকৈয়ে আহে
লঠঙা গছত
জুই জ্বলোৱা বাটেৰে নহয়
বৰফ লগোৱা বাটেৰে
লঠঙা গছত ফুলিছে জুইফুল ।।