সপোন | সবিতা দাস

তাই সপোনটোক গোপনে পোহপাল দিছিল । সপোনটোক প্রাণ দিয়াৰ স্বাৰ্থতে তাই সাহসী আৰু সংগ্ৰামী হৈ উঠিছিল । একমাত্র সপোনটোক পোহপাল দিয়াই নহয়, তাই লখিমী কন্যাৰো সাজ পিন্ধিছিল ‌‌।এফালে সপোন আৰু আনফালে লখিমী কন্যা। দুয়োটাকে একেসময়েতে চম্ভালিবলৈ তাইৰ অপৰিসীম কষ্ট হৈছিল । সপোনটিয়ে পূৰ্ণতা পালে তাইক নিজৰ পৰিচয় এটি দিব বুলি ভাবিয়েই সততাৰ অলংকাৰ পিন্ধি সাধনা কৰিছিল ‌।কিন্তু  তাই লখিমী কন্যাৰ  সাজযোৰ পৰিধান কৰাতহে সাৰ্থক হ'ল আৰু সপোনটিৰ পাতবোৰ ৰ'দত লেৰেলি গ'ল ।
           সময়ৰ আহ্বানক স্বাগতম জনাই তাই আজি সপোনটো ভৰিৰে মোহাৰি পেলালে । দুটি ওঁঠত হাঁহিটি পিন্ধি লৈ  লখিমী কন্যাৰ সাজযোৰ সলনি কৰি  লখিমী বোৱাৰীৰ সাজযোৰ গাতেই মেৰিয়াই ল'লে । দপদপকৈ জ্বলা হোমৰ জুইকুৰাতে সপোনটি জ্বলি গ'ল । 

✍️ সবিতা দাস
মিৰ্জা,কামৰূপ

                       

Post a Comment

Previous Post Next Post