দূৰ দিগন্তৰ বুকুত উৰি জাগি উঠে অতীতৰ সোঁৱৰণ।
সেই যে জোনাক নিশা আইতাৰ কোলাত মূৰ থৈ আকাশৰ তৰা গণা;
হিচাপ কৰি উলিয়াব পাৰিছিলো জানো কেতিয়াবা?
গণি গণি শেষ নোহোৱা;
দিগন্তৰ পৰিধি বিচাৰি হাবাথুৰি খোৱা,
ভাৱি ভাৱি পাৰ কৰিছিলো অলেখ সময়;
এই মূল্যবান ক্ষণ যে কাৰোৰে বাবেই নৰয়।
বাৰিষাৰ বৰষুণ দিলে বৰ ভাল পাইছিলো;
মনে মনে যে তিতিবলৈ দৌৰি গৈছিলো।
ছাগলী বোৰ দৌৰি অহা দৃশ্য সঁচাই মনোৰম;
মোৰ মনৰ আনন্দ,কিদৰেনো বুজাই কʼম?
পোৱালি কেইটা কোলাত মৰমেৰে লৈছিলো তুলি;
মোৰ মনৰ অপাৰ আনন্দ কোনেনো পাব বুজি?
মনে মনে ওলাই যাওঁ ৰ'দত বাহিৰলৈ;
দেউতাই বিচাৰি বিচাৰি আনে ভিতৰলৈ।
খেলি খেলি টোপনি গৈছিলো ভাগৰত;
মায়ে যে কোলাত লৈ শুৱাইছিল মৰমত।
খেলাৰ সময়ত মা আছিল লগৰী;
কিবা জগৰ হʼলে কান্দিছিলো ঠেঁহ পাতি।
মৰমেৰে নিচুকাইছিল;
মৰমেৰে ওমলাইছিল।
মৰমেৰে চুলিত বুলাইছিল আঙুলি;
তথাপি যে নাভাঙি ঠেঁহ কৰিছিলো দুষ্টালি।
বহু সময় পাৰ কৰোঁ অতীতক ভাৱি;
হেৰুৱা স্মৃতিক আজিও মই থাকো সুৱঁৰি।
সঁচাই, অতীতৰ সেই মধুৰ স্মৃতি
আজিও দুচকুত মোৰ উঠে জিলিকি।
✍️ কল্পনা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ