গুণী শিষ্ট পুত্ৰ যদি | হেমেন হাজৰিকা

Rinku Rajowar
0
সেই পাঠশালা স্কুলত পঢ়ি থাকোঁতেই এগৰাকী যশস্বী কবিৰ এটা কবিতা পঢ়া মনত পৰে , শিৰোনাম আছিল গুণী পুত্ৰ । কবিয়ে কবিতাটোৰ এটা শাৰীত লিখিছিল..... গুণী শিষ্ট পুত্ৰ যদি এটিয়েই হয় অনেক মুৰ্খত কৈ সিয়েই শ্ৰেষ্ঠ হয় । কথাটো এশ শতাংশই সত্য । 
    আমাৰ সমাজ ব্যৱস্থাত আজিও পুত্ৰী সন্তানতকৈ পুত্ৰ সন্তানৰ কদৰ বেছি , আকুলতা বেছি । কিমান যে আতুলতোলৰ হয় । মাক গৰাকী নিজে এগৰাকী নাৰী হৈও নিজৰ ছোৱালী জনীক মৰমৰ ভাগটো যেন কমকৈ দিয়ে কেতিয়া যে ইয়াৰ সংশোধন হ'ব ।
আমি ক'ব পাৰোঁ যে সন্তান সদায় সন্তানেই , সি ল'ৰাই হওঁক বা ছোৱালীয়েই হওঁক সেইটো বিচাৰ্য নহয় । সিহঁত কেৱল ভাল হ'ব লাগে । সিহঁত গুণী আৰু শিষ্টাচাৰী হ'ব লাগে । সংস্কাৰী হ'ব লাগে । গুণবান সন্তান সকলোৰে আদৰৰ হয় । মৰমৰ হয় । সন্তানৰ জোখ Quantityৰে নহয় Qualityৰেহে জুখিব লাগে ।
      সন্তান বাৰু অধিক হ'ল তাতে কি হ'ব ? সিহঁত যদি দুষ্ট হয় , দগাবাজ হয় বদমাছ হয় । সকলোতে ঘৰখনৰ মান সন্মান লাঘব কৰি ফুৰে , তেনে সন্তান অধিক হ'লেও গৌৰৱ কৰিব পৰা কিবা থল থাকিব পাৰে জানো । একো লাভ নাই । সন্তান হিচাপত তাকৰ কিন্তু সিয়েই যদি গুণবান হয় । সকলো ফালৰ পৰাই তাক ভাল বুলি ক'ব পৰা হয় । তেতিয়া বাৰু সেই সন্তানক লৈ মাক-দেউতাক , ইষ্ট কুটুম্ব , আত্মীয় স্বজন ওচৰ চুবুৰীয়া সকলোৱে গৌৰৱ নকৰিবনে ? অনেক হৈ যদি মুৰ্খ হয় তাত কিবা লাভ হ'ব জানো । সেয়েহে কবি ধনাই বৰাই লিখিছিল গুণী শিষ্ট পুত্ৰ যদি এটিয়েই হয় অনেক মুৰ্খত কৈ সিয়েই শ্ৰেষ্ঠ হয় । গতিকে আমাৰ গুণী সন্তানৰহে প্ৰয়োজন । লাগিলে সি সংখ্যাত তাকৰেই হওঁক । ভালৰ অলপেই হওঁক । কথাতেই কয় নহয় শিয়ালৰ জাক জাক সিংহৰ এটায়েই ভাল । সি হাজাৰ মুৰ্খতকৈ শ্ৰেষ্ঠ হ'ব । সি বংশৰ নাম উজলাব । 
    আজিৰ সমাজ ব্যৱস্থাত আমি  দেখিবলৈ পাইছোঁ আজিৰ প্ৰজন্মৰ কিছু সংখ্যকে যেন সেই কথাৰ পৰা আঁতৰি আহিছে । ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সেয়া যেন নজনা হৈ গৈছে নে সেইটো  কৰিব লগা কথা বুলি নভবা হৈছে তাত সন্দেহ থাকি গৈছে । ভাব হয় আমি ক'ৰবাত ভুল কৰিলোঁ নেকি বাৰু ? নে আজিৰ বাতাবৰণে তেনে কৰিবলৈ বাধ্য কৰা হৈছে । 
    শিষ্টাচাৰ নজনা অথবা শিকিবলৈ চেষ্টা নকৰা আমাৰ ভৱিষ্যত প্ৰজন্মৰ পৰা আমি কি আশা কৰিব পাৰোঁ । কি কৰিলে কোনো অভিভাৱকে নিজৰ কাৰণে গুণবান সন্তান লাভ কৰিব । কিছু সন্তানৰ অভিভাৱকে সিহঁতৰ কৰ্ম কাণ্ডৰ বাবে নীৰবে চকুলো টুকিব লগা হৈছে । কেৰোণটো ক'ত লাগিছে ঘুণে ধৰিবলৈ ক'ৰ পৰা আৰম্ভ কৰিছে ? কিয় এনে হ'বলৈ পালে ? তাক বিচাৰ কৰাৰ সময় আহি পৰিছেনে ? অগ্ৰজ সকলে তেওঁলোকৰ বাবে কেনে এখন পৃথিৱী এৰি থৈ যাৱ লাগিব যাক লৈ সকলো চিন্তিত । আগতে দেখোন তেনে নাছিল ।
     কিন্তু আজি কিয় এনে হৈছে , ক'ৰবাত নিশ্চয় কিবা এটা হৈছে ইয়াৰ সমাধান সূত্ৰ এটা উলিয়াব লাগিব । সমাধানো নিশ্চয় ওলাব 
সমাজে গুণবান সন্তান নিশ্চয় লাভ কৰিব । সমাজখন ধুনীয়া হবই লাগিব । এই ভালবোৰ একেবাৰে নোহোৱা হৈ যোৱা নাই তাৰ বাবেই সমাজখন এটা গতিত চলি আছে । এই ঘুণবোৰ আতৰাব লাগিব এই গুণবান সন্তানবোৰেই । মাজে মাজে আমি এনেকুৱা গুণবান সন্তানৰ খবৰ পাওঁ তেওঁলোকৰ গুণৰাজীয়ে কিছু সময়ৰ কাৰণে আমাক ভবাই তোলে । গৌৰৱ কৰিব পৰা কামৰ বাবে আমি অভিনন্দন জনাওঁ আন্তৰিকতাৰে 
এইবোৰেই গুণবান সন্তান কবি ধনাই বৰাই বিচৰা ।
  ‌‌তেখেতে বিচৰাৰ দৰে নীল আকাশত এটা চন্দ্ৰৰ পোহৰত অসংখ্য তৰাৰ পোহৰ যিদৰে বিলিন হৈ যায় ঠিক তেনেদৰে আমাৰ গৌৰৱৰ থল এই সন্তান সকলৰ গৰিমাৰ বাবে সেই বেয়াবোৰো ক'ৰবাত হেৰাই যায় ।
      এই গুণবান সকলৰ কথা সিমান চৰ্চা নহয় । তেওঁলোকৰ কামেই তেওঁলোকৰ পৰিচয় । ইংৰাজীত এষাৰ কথা আছে No One will Gossip about your Good Virtue .
       শেষত ক'ব পাৰি দুষ্টৰ একাল সন্তৰ সৰ্বতিকাল । ভালৰ সদায় ভালেই । তাৰ সুগন্ধি সকলোত বিয়পি পৰিব সৰ্বতিকাল । তাৰ বিকল্প নাই । গতিকে গুণবান সকলে আমাক সকলো ফালে গৌৰৱান্বিত কৰিব ।

       ✍️হেমেন হাজৰিকা
          ৰাণী  কাহিকুছি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)