উকা উৰুঙা উদাস আবেলি
ধূসৰ ধুলিসিক্তৰ মাজত ,
পলাশ ,শিমলু , ৰঙা চন্দনৰ আৱৰণ বোৰ
জীপাল কৰিবলৈ অপেক্ষা মাথোঁ ,
এজাক বৰষুণৰ ।
নৃত্যৰ চেৱে চেৱে ,
ঢৌৰ লহৰে লহৰে ,
ফাণ্ডনৰ উন্মাদ মাদলত
অপেক্ষা মাথোঁ এজাক বৰষুণৰ ।
প্ৰকৃতিৰ বিনন্দীয়া সাজৰ মাজত ,
বসন্তৰ সেউজীয়া প্রতিশ্রুতিৰ বতৰা আনিবলৈ ,
অপেক্ষা মাথোঁ এজাক বৰষুণৰ ।
কুলি-কেতেকীৰ মৌসনা মাতৰ মাজত ,
কপৌ , নাহৰ তগৰৰ সুগন্ধি আনিবলৈ
অপেক্ষা মাথোঁ এজাক বৰষুণৰ ।