ৰং থাকে
সুখৰ দৰে।
আধা অকা
কেনভাচত
ৰঙ বোৰ মিলাব
গৈ
বেসুৰা হৈ গৈছে।
তথাপিও তাৰো যে
মোহ আছে।।
জীৱনে কান্ধত হাত থৈ
কয়
এইটো পথেৰে
নাযাবা
কাৰণ
তাত
হদয়বোৰ
ভঙা হয়
বিশ্বাসঘাটকৰ দ্বাৰা ।
মই জীৱনৰ কান্ধত হাতথৈ
কওঁ
এনেকোৱা কাইটীয়া পথেৰ
যাত্ৰাই
দিবমোক
সুখৰ নিবাস!