স্মৃতিৰ বাখৰুৱা শব্দ কোৱা নাই ,
কোৱা নাই, তোমাক চুব পৰাকৈ
এই তৰুণলতাৰ কথা ।
শুনিবা জানো কোৱা
বিচ্ছেদ অথবা হুমুনিয়াহ পাছত ৰৈ যোৱা
এই আধালিখা
কথা
আহা
আখৰা কৰোঁ
বাখৰুৱা কৰোঁ
জীৱনৰ বালিচৰত
খোজ দিলে ভাঙিব
দুয়ো মাজৰ
ইপাৰ সিপাৰ
কথা পাতো
চামিল কৰা মোক
তোমাৰ লগত ।
⚫পংকজ তামুলী
স্নাতকোত্তৰ তৃতীয় ষান্মাসিক
ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰ,ডিব্ৰুগড় বিশ্ববিদ্যালয়