সেই আমাৰ শুৱনি গাওঁখন-পল্লৱ কুমাৰ

©Admin
0
    আজি আমাৰ গাওঁ খন লেতেৰা হৈ পৰিছে
      গন্ধময় পৰিবেশৰ মাজত
      তাহানিৰ ভাল লগা 
             প্ৰতি জোপা গছৰ প্ৰতিটো ডালত
      কাউৰী শগুণে আজি বাহৰ পাতিছে।
   সন্ধিয়াতে চাকি জ্বলোৱা 
             সেই পদূলিৰ নঙলাৰ খুটাটোত
            উঁই পৰুৱাই আধাৰ শিলা সাজিছে,
   নাজানো কেনি গ'ল সেই গাঁৱৰ মুখিয়াল জন
 তেওঁ‌ ও চাগে ভাগৰিলে সমাজক শুধৰাই
     সেইয়ে আজি তেওঁ‌ 
            উচ্চাক্ষিত মনটোক সমাধিস্থ কৰিছে।
     সেই তাহানিৰ পোনাকণহঁত এতিয়া ডাঙৰ হ'ল
        নিজক নিজেই শুধৰাব পৰা হ'ল ,
   তেওঁ লোকক এতিয়া আৰু মুখিয়াল কিয় লাগিছে
        তথাপি কিয় আমাৰ গাওঁ খন 
                    আজি লেতেৰা হৈ পৰিছে।
    সন্ধিয়া হ'লেই তিনি আলিত মদৰ আড্ডা বহিছে
       সৰু ডাঙৰ ভাই ককাই সকলোৱে মিলি
             দোকানৰ আগত সদায় জুৱাৰ খেলা পাতিছে,
    কাৰোৱে চোন সময় নাই ভাবিবলৈ
       আচলতে গাওঁ‌খন আমাৰ ক'লৈ ঢাপলি মেলিছে।
  বাই, ভনীৰ, চিনাকি নাই
         বৌ, খুড়ী,পেহীদেউ 
                  সকলোৱে আজি আতৰিহে যায়
    কাৰণ মদৰ ৰাগীত কণ মইনাই আন্ধাৰত
                সকলোকেই চোন আগভেটি ধৰিছে।
       সেইয়ে চাগে ....
        আমাৰ গাওঁ খন বেছিকৈ লেতেৰা হৈ পৰিছে,
      সেইদিনা বুধিয়াম কাইটিক সুধিলোঁ‌
           এইবোৰ গাওঁ খনত কি হ'ব ধৰিছে ?
     কাইটিয়ে ক'লে বোপাই তহঁ‌তৰ দিন গ'ল অ'
     এতিয়া আমাৰ গাৱঁ‌লৈ আধুনিকতা আহিছে ,
   এইবোৰ ভাবি একো লাভ নাই বোপাই
               আচলতে কলিৰ শেষাংশ আহিছে
      সেইয়ে আজি কণ মইনাইও
               গৰু বিক্ৰী মদৰ বেপাৰ কৰিছে।
   নাহে আৰু সেই বহাগ য'ত সকলোৱে মিলি
       বিহুৰ মেলা পাতিছিল,
        পদূলি মুখত কুলিৰ মাতত বুকুত বিহু বাজিছিল,
     এতিয়া প্ৰতি মাহত 
             কাৰোবাৰ ঘৰত মৃত্যুৰ ঘণ্টা বাজিছে
     আচলতে কি জান ?
        সেইকাৰণে চাগে আমাৰ গাওঁ আজি
   উন্নতিৰ পথত উঠিছে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)