জীৱনৰ মিঠা-তিতা~মমিনা বেগম

©Admin
0
জীৱনৰ কিছু মিঠা ক্ষণৰ
      উম বিছাৰি আহিছোঁ
কাজল সনা চকুৰ আৰত থকা    
           বেদনা লুকুৱাই।।                               

আশা লৈ দেউ মেলি আহিছোঁ
             তোমাৰ ওচৰলৈ
তোমাৰ জীৱনৰ ৰঙৰ সৈতে 
            লুকাভাকু খেলিবলৈ ।।

তোমাক দিবলৈ মোৰ একোৱেই নাই
              যদি তুমি নিবিচৰা,
যদি তুমি বিচৰা ..তুমি পাবা 
    অলেখ সপোন ৰূপায়িত বাস্তৱ।।

তুমি মোক আকোৱালিবা বুলি
     ডাঠি নকলেও ..মোৰ বিশ্বাস
      মোৰ আত্মা, মোৰ প্ৰেমে
             তোমাক চুই যাব ।।

মই  সাজু আছো ..
প্ৰতিটো পল, প্ৰতিটো ক্ষণ
    প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে ।

মাথোঁ তুমি হোৱা মোৰ বাবে 
       মোৰ একান্ত নায়ক ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)