তুমি নাৰী আৰু নদী।
তোমালোকৰ মাজৰ
এটা শক্তিও যদি হেৰাই যায়
পৃথিৱীৰ গতিও হ'ব নিস্তব্ধ প্ৰায়।
তুমি নাৰী তুমি নদী তুমি পৃথিৱী
সৃষ্টিকৰ্তাৰ কি যে অপূৰ্ব সৃষ্টি
তোমাতেই বিলীন হয় সমগ্ৰ সৃষ্টি।
সৃষ্টি কৃষ্টিৰ তুমি জগত জননী
তুমি নাৰী তুমি মা তুমি....
অক্ষয় বন্তি এগছি জলন্ত চাকি...
যাৰ পোহৰত দীপ্তিমান সমগ্র পৃথিৱী ।