নাৰী তুমি অনন্যা-ডাঃ মৃন্ময় কুমাৰ নাথ

©Admin
0
ভগৱানৰ সুন্দৰতম সৃষ্টি  নাৰী।
যাৰ নাই কোনো নিজা পৰিচয়।
কাৰোবাৰ কন্যা, 
কাৰোবাৰ প্রেমিকা, 
কাৰোবাৰ পত্নী,
কাৰোবাৰ বোৱাৰী, 
কাৰোবাৰ মাতৃ
অথবা 
কাৰোবাৰ শাহু হৈ 
পাৰ কৰি দিয়ে সমস্ত জীৱন।
ত্যাগৰ এক জীৱন্ত প্রতিমূৰ্তি হৈ
মাথো বিলাই দিয়ে নিজকে।
তুমিও
তেনে এগৰাকী নাৰীয়েই।
যাৰ হাঁহিত ফুলে মুকুতা
যাৰ কথাবোৰ হয় প্রেৰণা
যাৰ সাহস হয়
জীৱন ৰথৰ সাৰথি।
তোমাৰ স'তে যেন 
মোৰ চিনাকী জনমে জনমে।
তুমি যেন মোৰ আপোন
নিচেই কাষৰে।।।
তুমি ডেচডিমনা, ক্লিউপেট্রা অথবা মেনকা নহয় মোৰ বাবে।
তোমাৰ পৰিচয় কিদৰে ৰাখিম মোৰ হৃদয়ত
মই নাজানো।
মাথো জানো 
ভগ্নী অথবা শুভাকাংক্ষী ৰূপে
মোৰ জীৱনত
প্রেৰণাৰ নদী খনি বোৱাই 
থকা সেই নাৰী গৰাকী 
হয়তো তুমিয়েই।
যাৰ কাষত এখন্তেক বহি লৈ
কব পাৰো নিসংকোচে সুখ দুখৰ সকলো কথা,
চকুত চকু থৈ 
পাহৰিব পাৰো 
বেদনাৰ প্রতিটো ক্ষণ।
প্রতিদান নিবিচৰাকৈ
যিয়ে
নিঃস্বাৰ্থ ভাবে
দুখৰ পৰত কান্ধত 
হাতখন থয়
তেওঁৱেই নহয় জানো
আপোন জন?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)