মই মোৰ সপোন দেখিছিলো
এন্ধাৰৰ জোনাকীজনী হৈ,
মোহাচ্ছন্ন ডেউকা লগাই
উৰা মৰা সেই সপোন ,
সময়ৰ সোঁতত
কুঁৱলীৰ ৰাজ্য ।
আজিও নঙলাৰ মুখত
সেমেকা চাৱনিৰে
বসন্ত কালৰ অপেক্ষা ,
তোমাৰ শ্যামল দেহাৰ
প্ৰতিটো স্পন্দনৰ পৰশ
দেহৰ কোণ শিহঁৰিত ।
বহাগীৰ উমাল আচঁলখনৰ
লগত খেলা সুখৰে সমৃদ্ধ,
আবেগিক মায়াৰ
মই অসমীয়া নাৰী ।
প্ৰতিটো দুখ নিজৰ কৰি
সকলোকে সুখৰ অনুভূতি বিলাই,
বিৰহ সহ্য কৰা
মই অসমীয়া নাৰী ।
ভালপোৱা আৰু বিশ্বাসী
মনৰ মৰম আকুলতাৰে,
কোমল সুবাস সংলগ্ন
মই অসমীয়া নাৰী।
পিতৃ-মাতৃৰ স্নেহত
সকলো দায়িত্ব মূৰ পাতি লোৱা,
সংলাপৰ মাজেদিয়েই জীৱনী
মই অসমীয়া নাৰী।।