এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ
অবিৰত যাত্ৰা তোমাৰ বুকুত বহি
তোমাৰ বাবে অপেক্ষা হয় পুৱা-গধূলি সমষ্ট অনুৰাগ ঢালি
দূৰণিবটীয়া মৰম ওচৰতে পোৱা যায় দিনান্তৰ পিছত
অথবা বহুদিনৰ বিৰতিত এটি প্ৰশান্তিৰ হাঁহি ৰৈ থাকে
কেতিয়াবা অমানিশা নামি নহাকৈ নাথাকে পৰিয়াললৈ
অথাইসাগৰত ডুবি থকা যায় এটুকুৰা কেঁচা ঘাঁ জনম লয় বুকুত ।