বাৰিষাৰ গান | ৰঞ্জু গায়ন বৰুৱা

Rinku Rajowar
0
নিঃশব্দে নিতালে
যেন মেঘে শুইছে
মেঘৰ গাজনিৰ শব্দত
সাৰ পাই গাইছে বাৰিষাৰ গান
ভাহি আহিছে ,
এছাটি বৰষুণৰ মাত
মেঘৰ গাজনিয়ে ওন্দোলাই আনিছে ।
মনত পৰিল মোৰ আপোন গাঁওখনলৈ
ৰাতিপুৱা ওলাই অহা বেলিটোৱে যেন দিছে প্ৰেমৰ বতৰা ,
শৈশৱৰ লগৰীয়াবোৰৰ সৈতে হেতালি খেলা 
সঁজাল ধৰা প্ৰেমে হাত বাউল দি মাতিছে ,
বাৰিষাৰ বৰষুণ জাক
মৌন ওঁঠ দুটাৰে বৈ অহা
এটি আশাৰ গান ,
উজান উঠিছে হৃদয়ত এজাক স্বপ্নৰ সুবাস 
জিলিমিলিয়া সপোনৰ সৈতে ঢৌ খেলিছে 
ন ন বীজৰ গজালিয়ে ।


✍🏻ৰঞ্জু গায়ন বৰুৱা 
নামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)