জীৱন | চিন্ময় বৰা

Rinku Rajowar
0
জীৱনৰ এটি অজান বাটত
আগবাঢ়ি যাবলৈ ধৰা বাটৰুৱাৰ 
আছে জানো সময় ? 
পিছলৈ উভতি চাবৰ ! 
নীৰৱে এটি লক্ষ্য বুকুত লৈ
সি আগুৱাই যাব বিচাৰে
হাজাৰ বাধা নেওচি , 
সুখৰ সংজ্ঞা বিচাৰি । 

তুমি নালাগে হ'ব সেই বাটৰুৱা
মাথোঁ এবাৰটো আগুৱাবলৈ চেষ্টা কৰা , 
দুখেৰে আৱৰা এই স্মৃতি পাহৰিব নোৱাৰিলেও
স্মৃতিবোৰ লৈয়েই আগুৱাই যোৱা । 
মাথোঁ থমকি নৰ'বা
তুমি উভতিও নাচাবা ,
এদিন তোমাৰ পুৰণি স্মৃতিবোৰ
নতুন স্মৃতিৰ সোণোৱালী পথাৰত হেৰাই যোৱা দেখিবা ।

🔴চিন্ময় বৰা। 
বিশ্বনাথ চাৰিআলি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)