শাহুৱে গৰকা বোৱাৰী | মনোৰমা দাস

এবাৰ ৰিমাৰ শাহুয়েক গৰিমাৰ ঘৰলৈ সৰুকালৰ সহপাঠী জেউতি বৰুৱা আহি নঙলামুখ পায়ে মাত লগালে, হেৰা গৰিমা, তুমি কিন্তু বৰ লখিমী বোৱাৰী এজনী আনিলা দেই । মই সদায় ব্ৰহ্মপুৱাতেই খোজ কাঢ়ি থাকোতে দেখা পাওঁ , তোমাৰ বোৱাৰী  ৰীমাই ঘৰচোতাল সাৰি নঙলামুখ পায়হি ।বৰ সাদৰী বোৱাৰীদেই । অথচ  ধনেজনে , বিদ্যা বুদ্ধিয়ে এটা সংস্কাৰপূৰ্ণ পৰিয়ালৰ ছোৱালী ।ৰীমাৰ মাক দেউতাক দুয়োগৰাকী অতি ঠাণ্ডা প্ৰকৃতি আৰু উদাৰ মনৰ মানুহ । আমাৰ মহিলা সমিতিৰ ঘৰটো বন্ধাৰ সময়ত   তেওলোক দুয়োগৰাকীয়ে কামে কাজে  সহায়ৰ উপৰিও  মাজে সময়ে পা-পইচা দিও সহায় কৰিছিল । বুজিছা, তুমি এখন সংস্কাৰপূৰ্ণ  ঘৰৰ বিয়ৈ -বিয়নী পালা ।তুমি সঁচাকৈ এগৰাকী  আদৰ্শ বোৱাৰীৰ আদৰ্শ শাহু । তুমি বৰ ভাগ্যৱতী ।সৌ সিদিনা নিৰেনৰ ঘৰৰ ঘটনাটো জানায়ে দেখোন ।শাহু-বোৱাৰীৰ মাৰপিত । দুয়োগৰাকী চিকিৎসালয়ত ভৰ্তি  হব লগা হল ।            কথাটো পিচে হয়, গৰিমাই  কলে । জানা বোৱাৰীক চলাবলৈ শাহুগৰাকীও জ্ঞানী, অভিজ্ঞ, আৰু মৰমীয়াল  হব লাগিব । লোকৰ ঘৰৰ ছোৱালীজনীক আপোন কৰি  মিঠা মাতেৰে চলাব জানিব লাগিব । আৰু বোৱাৰীজনীও লাহে ধীৰে  বুজি পাব লাগিব । নজনা কথা শাহুক লাজ নকৰি সুধিব লাগিব । দুয়োগৰাকী সময়ত বান্ধৱী হৈ যাব লাগিব । সেয়ে, সকলোৱে মনত ৰখা উচিত , শাহুৰ তিতা কেহাঁ, জ্বলা পোৰা , মধু অমৃত আদিৰ বিভিন্ন স্বাদ লৈ যি সকল বোৱাৰীয়ে সংসাৰ  সাগৰত জীৱন ডিঙাখন অশেষ ত্যাগ কৰি সফলতাৰে বায় একোখন শান্তিৰ  আলয়  গঢ়ি তোলাত  আত্মনিয়োগ কৰিছে, সেইসকল বোৱাৰীয়ে হ'ল ----শাহুৱে গৰকা বোৱাৰী ।।।

লেখকৰ পৰিচয়ঃ মনোৰমা দাস, গুৱাহাটী

Post a Comment

Previous Post Next Post