ব'হাগ আহে যেতিয়া
মই সাৰ পাই উঠো
মৰুভূমিত বয় উশাহৰ ঢল
মদাৰৰ ৰঙা ফাকু খেলি
ফাগুনৰ পচোৱাত উৰি উৰি
চঞ্চলা চপলা ফাগুনীজনী
উন্মাদ হৈ উঠে।
ব'হাগ আহে যেতিয়া চঞ্চলা ফাগুনীয়ে
মিচিকি হাঁহিৰে বিদায় মাগে।
চৌদিশ হালধীয়া হৈ পৰাৰ সময়ত
বসন্তৰ কোলাত উঠি ব'হাগীজনী
ষোড়শ গাভৰু হৈ পৰে।
পদূলি মুখত থমকি ৰৈ
পাতল সেউজীয়া ওৰণি টানি
দুহাতে গামখাৰুজোৰ পিন্ধি
মুখত এমোকোৰা হাঁহিৰে
ধৰাৰ বুকু শুৱনি কৰি
ব'হাগী তেতিয়াই আহে
যেতিয়া বিৰিখৰ ডালত বহি
কেতেকীজনীয়ে গীত জোৰে
বৌ-কাকাক বিচাৰি
কুলিৰ মাতত মনে মোৰ
থৌকি-বাথৌ কৰে।
শিপিনীৰ তাঁতৰ শব্দত
ঢোল -পেঁপাই গুমগুমাই
বহাগ আহে যেতিয়া
প্ৰকৃতিয়ে হাঁহে
বসন্ত ই চমকি উঠে
যেতিয়া ফাগুনীয়ে বিদায় মাগে।
কবিৰ পৰিচয়ঃ ৰুনু দেবী শর্মা ,গুৱাহাটী ৩৭।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ