আজি মালৈ বৰকৈ মনত পৰিছে জানানে ? মাকৰ আগত ভাল বেয়া সকলো ক'ব পাৰি । দুখত হিয়া উজাৰি কান্দি মনটো পাতল কৰিব পাৰি । কিন্তু মোৰ যে কি ভাগ্য ! কান্দি কান্দি মনৰ দুখ পাতল কৰিবলৈ মা যে এই পৃথিৱীত নাই । বিচনাত ব্লেংকেটখনেৰে মূৰ ঢাকি শুৱাৰ অভিনয় কৰিছোঁ । চকুৰ পানী গৈ কাণৰ বিন্ধাত সোমোৱাৰ উপক্ৰম হৈছে । ওঁঠযুৰি শুকাই গৈছে ।
পাহৰিব খুজিও কিয় বাৰু বাৰে বাৰে তোমাৰ চকুযুৰি মনলৈ আহে । তোমাক এবাৰ চুই চাবলৈ আৰু ওচৰৰ পৰা তোমাৰ উজ্জ্বল চকুযুৰি হেঁপাহ পলুৱাই চাবলৈ বৰ মন গৈছে অ'। তোমাৰ অন্তৰত মই আছোনে নাই নাজানো কিন্তু মোৰ অন্তৰতটো তুমিয়ে আছা ।
জানানে সিদিনা পাৰ্লাৰলৈ গৈ চুলিখিনি অকণমান কাটি আহিছিলোঁ । তোমাক লগ কৰিম যে সেয়ে । আইনাৰ আগত ঠিয় হৈ বাৰে বাৰে বেলেগ বেলেগ ষ্টাইলত চুলিখিনি গাঠিছিলোঁ । তুমি কেনেকৈ বান্ধিলে ভাল পোৱা নাজানো নহয় । ৰাতি টোপনি নগ'ল । তোমাক লগ পালে কেনেকৈ কি কথা পাতিম তাকেই ভাবোতে গ'ল । মনত এক অজান শিহৰণ জাগিছিল । পিছদিনা নীতাৰ লগত মই হাউলীত ৰাস চাবলৈ যোৱা কথা । আমাৰ ঘৰৰ এটা কোঠালি ভাড়ালৈ লৈ থাকিবলৈ লোৱা B.SC পঢ়িবলৈ অহা নীতা মোতকৈ বহুত সৰু কিন্তু তাই মোৰ বান্ধৱীৰ দৰে । দাদা সপৰিয়ালে বাংগালোৰত থাকে । বছৰৰ মূৰত কেতিয়াবাহে আহে ।
"বাইদেউ আজিটো স্কুল বন্ধ । ইমান সোনকালে উঠিলে যে"- অনিতাই আচৰিত হৈ সুধিলে । অনিতা আমাৰ গাঁৱৰে পল্লৱী পেহীৰ ছোৱালী । দেউতাক সৰুতে ঢুকাইছিল । গাভৰু মাকক দদায়েকহঁতে তিৰোতা মৰা, এটা ল'ৰাৰ বাপেক এজনৰ লগত কোৰ্ট মেৰেজ কৰি দিলে । মাকে অনিতাকো লগতে লৈ গ'ল । প্ৰথমতে সকলো ঠিকেই আছিল । কিন্তু অনিতা ডাঙৰ হোৱাৰ লগে লগে দেউতাকে অনিতাৰ ওপৰত বেয়া চকু দিবলৈ ধৰিলে । মাক নোহোৱা সময়ত দেউতাকে তাইক অশ্লীল ইংগিত দিয়ে । তাই মাকক সকলো কথাই ক'লে । এদিন পল্লৱী পেহীয়ে তাইক লৈ মোৰ ওচৰলৈ আহিল । মোক সকলো কথা কৈ চকুপানী টুকি টুকি পেহীয়ে ক'লে - "তাই ঘৰৰ কাম সকলো কৰিব পাৰে , তই তাইক তোৰ লগত ৰাখিলে মোক বৰ উপকাৰ কৰা হ'ব অ' ।" অনিতাক পাই মই ভালেই পালোঁ জানানে ! অকলশৰীয়া জীৱনৰ এটা সাৰথি হ'ল । মই তাইক আমাৰ স্কুলতে অষ্টম মানত নাম লগাই দিছিলোঁ । এতিয়া তাই হায়াৰ চেকেণ্ডাৰী 2nd year ত পঢ়ি আছে । খুউব ভাল অমায়িক ছোৱালী অনিতা । মাজে মাজে পেহীয়ে খবৰ ল'বলৈ আহে ।
--উম । আজি হাউলীত ৰাস চাবলৈ যাম। দিনতে ঘূৰিব লাগিব । তয়ো যাবি নেকি ?
---নাযাওঁ দিয়ক বাইদেউ । পৰীক্ষা আহি পাইছে নহয়।
ঠিকেই । পৰীক্ষা বাবে ময়ো তাইক বেছি জোৰ নকৰিলোঁ ।
ৰাতিপুৱাৰ চাহ কাপ খাই বাথৰূমত সোমালোঁ। অভ্যাসবশত সদায় চোৱা আইনাখনত নিজকে নতুন ৰূপত আৱিষ্কাৰ কৰিলোঁ। বয়স হ'লেও এতিয়াও যেন যৌৱন আঁতৰি যোৱা নাই । নগ্ন দেহটো চাই নিজৰে কিবা লাজ লাজ লাগিল ।
সুগন্ধি চেম্পোৰে ধোৱা চুলিকোচা কেনেকৈ বান্ধো তাকে ভাবি বিমোৰত পৰিলোঁ । এদিন তুমি কৈছিলা , "খোলা চুলিৰে তোমাক বৰ ধুনীয়া দেখি ।" কিন্তু বাহিৰলৈ গোটেইখিনি চুলি খুলি যাবলৈ বেয়া লাগে । সেয়ে হাফ্ কিলিপ এটা মাৰি চুলিখিনি খুলি ল'লো । ভাল লগা কাপোৰযোৰ পিন্ধি অকণমান পাৰফিউম লগাই ল'লো । এঘাৰ বাজিলেই , ড্ৰাইভাৰজনে গাড়ীৰ হৰ্ণ দিলেই । গুৱাহাটীৰ পৰা হাউলীলৈ ৬০ স্পীডত গ'লেও চাৰিঘণ্টা লাগিবই । নীতা সাজু হৈয়ে আছিল । দৌৰা-দৌৰিকৈ জেলি লগোৱা ব্ৰেড্ দুখন খাই দুয়ো গাড়ীত উঠিলোঁ । হাউলীৰ ৰাস চাবলৈ বুলি ওলাইছোঁ যদিও মোৰ একমাত্ৰ উদ্দেশ্য আছিল তোমাক প্ৰথমবাৰৰ বাবে লগ কৰাটোহে । নীতাৰ বৰ ফুৰ্তি । তাই গোটেই ৰাষ্টাত কিমান যে কথা ক'লে । মই কেৱল উ-আ আৰু মিচিকীয়া হাঁহিৰে যোগদান কৰি গ'লোঁ । তাইতো নাজানে যে সেই সময়ত মোৰ চকুত ভাহি আছিল কেৱল তোমাৰ চকুযুৰি আৰু অন্তৰত বাজি আছিল তোমাৰ মধুৰ কথাবোৰ ।
--হেই ডাৰলিং কি কৰিছা ? ভাত খালা ? তোমাক চাবলৈ খুব মন গৈছে । ফটো এখন দিয়ানা।
মই মিছা খং দেখুৱাই কওঁ , "কিমাননো চোৱা , নিদিওঁ যোৱা ।"
--সদায় চালেও মন নভৰেচোন । দিয়ানা প্লিজ্ ।
তোমাৰ আবদাৰত মোৰ মনটো নাচি উঠে । নিজকে ১৮ বছৰীয়া যেন অনুভৱ হয় ।
--মনে মনে কি ভাবি হাঁহি আছে বাইদেউ ?
--নাই এনেয়ে । নিজকে সহজ কৰিবলৈ চেষ্টা কৰিলোঁ । ফোনটোৰ সেউজীয়া লাইটটো জ্বলা নুমোৱা কৰিব ধৰিলে । নিশ্চয় তোমাৰেই কিবা মেছেজ আহিছে ।
আজিকালি মোবাইল ফোনটো মোৰ বৰ প্ৰিয় জানানে ? প্ৰতি মুহূৰ্ততে মই তাৰ বুকুখনলৈ চাই থাকো । কিজানি তোমাৰ কিবা মেছেজ বা ফোন ক'ল আহিছেই । স্ক্ৰীণত তোমাৰ মেছেজটো দেখি ফোনটো খুলি চালোঁ । তেতিয়া মোৰ কেনেকুৱা অনুভৱ হৈছিল তুমি নুবুজিবা । হয়তো পাছত সেয়ে তুমি এদিন সুধিছিলা, "মানুহবোৰ কেতিয়া , কেনেকৈ কিহৰ বাবে অসুখী হয় ধৰিব নোৱাৰোঁ।" মোৰ চকুযোৰ চলচলীয়া হৈ উঠিছিল । ভিতৰত এটা কঁপনি উঠিছিল , হুকহুকাই কান্দি দিবৰ মন গৈছিল কিন্তু কান্দিব পৰা নাছিলোঁ ।
তুমি লিখিছিলা , "নীতাই আমাৰ সম্পৰ্কৰ কথা জানিলে তোমাৰ সন্মানত আঘাত লাগিব পাৰে । গতিকে মই নাযাও দিয়া ।" মই জানো তুমি খুব স্বাভিমানী , ময়ো । আগদিনাখন মই তোমাক কৈছিলোঁ , "ফোন নকৰিবা মেছেজ কৰিবা নীতাই গম পাব ।" তুমি কৈছিলা , "কি হ'ল তাতে ? বন্ধু বুলি ক'বা ।" মই তোমাৰ কথাত সন্মতি জনাইছিলোঁ । কিন্তু মোৰ সেইখিনি কথাতে তুমি মোক হঠাতে লগ কৰিবলৈ নাহো বুলি কোৱাত মনত বহুত আঘাত পাইছিলোঁ ।
ৰাস চাবলৈ যোৱাৰ মোৰ কোনো হেঁপাহ নাছিল । আছিল তোমাক মাত্ৰ এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহ । নীতাৰ লগত ৰাস চালোঁ কিন্তু কি চালোঁ একো ধৰিব নোৱাৰিলোঁ ।
তুমি এদিন কৈছিলা , মই তোমাৰ ৰাধা । হয় ঠিকেই কৈছিলা মই তোমাক ৰাধাৰ দৰেই ভাল পাওঁ । ৰুক্মিনীৰ স্থান কেতিয়াও ল'ব বিচৰা নাছিলোঁ । তোমাৰ শৰীৰ মোৰ কাম্য নহয় কাৰণ সেই শৰীৰৰ ওপৰত কেৱল ৰুক্মিনীৰহে অধিকাৰ । তোমাৰ অকণমান মৰম পালেই মই সন্তুষ্ট । যাক তুমি ৰাধা বুলি কৈছিলা সেই ৰাধাক আজি তুমি বিমুখ কৰিলা । আগতেও দুবাৰ মান আহিম বুলি কৈও তুমি নাহিলা । মাজে মাজে মোৰ অনুভৱ হয় মোৰ প্ৰেম যেন একপক্ষীয় । বাৰে বাৰে কল , মেছেজ , খং , অভিমান কৰি তোমাক যেন মই বহুত আমনি কৰি আছোঁ ।
কোৱা মোৰ কৃষ্ণ , মই তোমাৰ অন্তৰৰ ৰাধাজনী হয়নে ?
অন্তৰত এটা গধুৰ শিল কঢ়িয়াই মুখত শেতা হাঁহিটিৰে নীতাৰ সৈতে ঘৰলৈ উভতিলোঁ । তাইৰ ভাগৰ লাগিছিল সেয়ে নীৰৱে ড্ৰাইভাৰজনে কম ভলিউমত প্লে কৰা গানটো শুনি চকুদুটা মুদি দিছিল । "তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে..........।" গানটোৱে মোৰ বুকুৰ শোকটো দুগুণ কৰিছিল । চিঞৰি চিঞৰি ক'বৰ মন গৈছিল , "মই তোমাৰ ৰাধা নহয় । মই তোমাৰ ৰাধা নহয়........।" দুচকুক বাধা দিব পৰা নাছিলোঁ । কি কৰিবা ? মই বৰ আবেগিক অ' ।
দিনটো একো খোৱা নহ'ল । নীতাই বিৰিয়ানী খাইছিল । মোৰ গাড়ীত উঠিলে বমি বমি ভাব আহে বুলি কৈ একোকে নাখালোঁ । ঘৰ পাই গাটো ধুই ল'লোঁ । অনিতাই চাহ একাপ দিলে । চাহ কাপ পি বিচনাত শুই পৰিলোঁ । টোপনি অহা নাই । বাৰে বাৰে তোমাৰ কথাই আমনি কৰিছে । নিজে নিজকে কওঁ , "মই তোমাক বহুত ভাল পাওঁ , কিয় নুবুজা তুমি ।" অনিতাই ভাত খাবলৈ মাতিলে যদিও দিনত বহুত কিবা-কিবি খোৱা বুলি কৈ ভাত নাখালোঁ ।
তোমাক লগ নাপালো ভালেই হ'ল । মনক সান্ত্বনানা দিলোঁ - মোৰ লেকেচিয়াই লেকেচিয়াই খোজ দিয়া শৰীৰটো দেখিলে তুমি হয়তো খুব দুখ পালাহেঁতেন । মোৰ প্ৰতি সহানুভূতি দেখুৱালাহেঁতেন । তোমাক কোৱাই নাই এটা এক্সিডেণ্টত মোৰ সোঁভৰিখন ভাগিছিল । তেতিয়াৰে পৰা মই খোৰা । যাৰ বাবে চাকৰি থাকিও বিয়াৰ বাবে এজন উপযুক্ত ল'ৰা নাপালোঁ । তোমাৰ এখন সুখৰ সংসাৰ আছে । তোমাৰ সংসাৰত মই কেতিয়াও আউল লগাবলৈ নাযাওঁ । মোৰ প্ৰেম পৱিত্ৰ । মাথোঁ এবাৰ চাব বিচাৰোঁ তোমাক খুব ওচৰৰ পৰা , লাগিলে সেয়া সপোন বা ভ্ৰমেই হওক ।
আজিৰ দিনটো তোমাৰ বাবে ছুটী লৈছিলোঁ । কাইলৈৰ পৰা আকৌ নিয়ম-মাফিক অহা-যোৱা । কোনো নতুনত্ব নাই । ল'ৰা-ছোৱালীৰ মাজত থকা সময়খিনি কেনেকৈ পাৰ হয় গমকে নাপাওঁ । ঘৰলৈ আহিহে আমনি লাগি যায় । আগতে সদায় খবৰ লৈছিলা সময়বোৰ কেনেকৈ পাৰ হৈছিল গমেই পোৱা নাছিলোঁ ।
মানুহে কয় , পোৱাৰ আশা নাথাকিলে হেনো নোপোৱাৰো বেদনা নাথাকে । গীতাত শ্ৰীকৃষ্ণয়ো কৈছিল , "কৰ্ম কৰা ফল আশা নকৰিবা"। নিজকে বুজাবলৈ চেষ্টা কৰোঁ যে আৰু পোৱাৰ আশা নকৰোঁ । কিন্তু ময়ো তেজ-মঙহৰ মানুহহে । নোপোৱাৰ বেদনাই কেকোৰাৰ দৰে মোৰ অন্তৰখন যে কুৰুকি কুৰুকি খাইছে ।
তোমাৰ কিবা অনুভৱ হয়নে ? মোৰ দৰে তুমিও কেতিয়াবা অপ্ৰাপ্তিৰ বেদনাত উজাগৰী নিশা কটাই পাইছানে ? কেতিয়াবা কেতিয়াবা মোকো তোমাৰ ভ্ৰম যেন লাগেনে ? লাগিবও পাৰে নালাগিবও পাৰে । ভ্ৰম যেন নালাগিলেই ভাল । নহ'লে তুমিও কষ্ট পাবা । তুমি সুখী হৈ থাকা সদায় । তোমাৰ উজ্জ্বল চকুযুৰিয়ে সদায় হাঁহি থাকক ঠিক কৃষ্ণ কানাইৰ দৰে ।
তোমাৰ মনত আছেনে নাজানো , মোৰ কিন্তু তোমাৰ সকলো কথাই মনত থাকে । তুমি কৈছিলা , "স্মশানৰ পৰা তুলি আনি হ'লেও মই তোমাৰ ওঁঠত এটি চুমা আঁকি দিম"। তোমাৰ সেই স্পৰ্শহীন ওঁঠৰ চুমাত মই তৃপ্ত । ইয়াতকৈ আৰু বেছি কি লাগে এই মানৱী ৰাধাক । জীৱনৰ সমস্ত সুখ সেই চুমাটোতে পালোঁ ।
এয়া চোৱা , এতিয়াও তোমাৰ কথা ভবাৰ লগে লগেই মোৰ শুকান ওঁঠযুৰি জীপাল হৈ উঠিছে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ